বিশিষ্ট শিক্ষাবিদ ড° অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য ৰূপে নিযুক্তি দিয়া হৈছে৷
শিক্ষাবিদ গৰাকী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ জ্যেষ্ঠ অধ্যাপক পদত অধিষ্ঠিত আছিল। তেখেতে স্কুল অফ কমাৰ্চ আৰু মেনেজমেণ্ট চাইন্সৰ প্ৰাক্তন ডিন আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ মেনেজমেণ্ট ষ্টাডিজৰ প্ৰাক্তন অধ্যক্ষ হিচাপেও নিয়োজিত আছিল।
বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰ যেনে গ্রেট ব্রিটেইন, আমেৰিকা যুক্তৰাষ্ট্র আৰু কানাডাত আন্তঃৰাষ্ট্রীয় গৱেষণাৰ সৈতে জড়িত বিশিষ্ট শিক্ষাবিদগৰাকীৰ নিযুক্তিত সকলো উৎফুল্লিত হৈ পৰিছে। তেখেত বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি) আৰু ‘নাক’ৰো সদস্য আছিল৷
ড° অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে যোগদান কৰাৰ পৰা পাঁচ বছৰৰ বাবে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য পদত কার্যনির্বাহ কৰিব বুলি ৰাজভৱনৰ এক নির্দেশনাত কোৱা হৈছে৷
এই নিযুক্তি বিগত বহুদিন কৰি শিক্ষাৰ্থীসকলে কৰি অহা প্ৰতিবাদৰ ফল বুলি একাংশই মন্তব্য কৰিছে।