অসমৰ মহিলা সকল যে কোনো ক্ষেত্ৰতে পিছ পৰি ৰোৱা নাই সেইকথা পুনৰবাৰ প্ৰমাণ কৰি ভাৰতীয় বায়ু সেনাৰ ফ্লায়িং অফিচাৰ হিচাপে নিৰ্বাচিত হৈছে এগৰাকী অসম কন্যা।
কাছাৰ জিলাৰ শিবপুৰ নিৱাসী মাৰিয়া বেগমে ভাৰতীয় বায়ু সেনা বাহিনীত ফ্লায়িং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰি ৰাজ্যৰ লগতে কাছাৰ জিলালৈ সুনাম কঢ়িয়াই আনিছে।
শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰা মাৰিয়াই ভাৰতীয় বায়ু সেনা বাহিনীত নিযুক্তি লাভৰ বাবে এএফচিএটি পৰীক্ষাত অৱতীৰ্ণ হ’য়। ইয়াৰপিছতে মাৰিয়াই বাৰাণসীত এছএছবিৰ এটা পাঁচদিনীয়া ব্যক্তিত্ব আৰু দক্ষতা বিকাশৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
এছএছবিৰ সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱা পিছতেই মাৰিয়াই চিকিৎসা পৰীক্ষাতো সফলতাৰে উত্তীৰ্ণ হৈ ভাৰতীয় বায়ু সেনা বাহিনীৰ ফ্লায়িং অফিচাৰ হিচাপে নিযুক্তি পায়।
উল্লেখযোগ্য যে মাৰিয়াৰ পিতৃও ভাৰতীয় সেনা বাহিনীৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল।পিতৃৰ পৰা অনুপ্ৰাণিত হোৱা মাৰিয়াই সৰুৰে পৰা নিয়মানুৱৰ্তিতাৰ ওপৰত বিশেষ শিক্ষা লাভ কৰি আহিছিল।
২০১৯ বৰ্ষত অসম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা মাৰিয়াই শিলচৰৰ গুৰু চৰণ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।