আজি কবি, গীতিকাৰ তথা নাট্যকাৰ ৰত্ন ওজাৰ ওপজা দিন । ১৯৩১ চনৰ আজিৰ দিনটোতে বৰপেটাত তেওঁৰ জন্ম হৈছিল । ১৯৫৫ চনত তেওঁ দৈনিক বাতৰি কাকত ‘শান্তিদূত’ৰ উপ-সম্পাদক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে । অসমীয়া পষেকীয়া কাকত ‘ভূদান যজ্ঞ’ৰো তেওঁ সহ-সম্পাদক আছিল । পিছলৈ তেওঁ বৰপেটা জুৰোৰাম ছোৱালী উচ্চ বিদ্যালয়ত সহকাৰী শিক্ষক, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ প্ৰবৰ সাংবাদিক, বঙাইগাঁও তেল শোধনাগাৰ আৰু পেট্ৰ’কেমিকেলছ প্ৰকল্পৰ জনসম্পৰ্কৰক্ষী বিষয়া আদি পদত কাৰ্যনিৰ্বাহ কৰে । ১৯৮৪-৮৫ চনত তেওঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি সম্পাদকো হৈছিল । তেওঁ অসম নাট্য সন্মিলনৰ সভাপতি আছিল । তদুপৰি ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উপাধ্যক্ষ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ আছিল । সৰুৰে পৰাই তেওঁ অভিনয়ৰ সৈতে জড়িত আছিল । ১৯৫২ চনত তেওঁ প্ৰথমখন একাংকিকা নাট গুলজাৰ ক্লাব ৰচনা কৰে । ১৯৫৭ চনত ৰচনা কৰে প্ৰথমখন পূৰ্ণাংগ নাট মুক্তিৰ সপোন । তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট পৰিচালনাৰ সৈতেও জড়িত আছিল । খং, অভিমন্যু, আলাপ আদি তেওঁৰ অনাতাঁৰ নাট আৰু ভূত আৰু বাঢ়নী, থুপৰি হো ৰে থুপৰি হো আদি টেলি নাট । তেওঁ আছিল অসমত বাটৰ নাট উপস্থাপনৰ অন্যতম বাটকটীয়া । অৰুণ শৰ্মা ৰচিত প্ৰথমখন অসমীয়া বাটৰ নাট ককাইদেউৰ ৰূপায়ণত তেওঁ আগভাগ লৈছিল । কিশোৰ আলোচনী ৰং আহে পাখি মেলিৰো তেওঁ সম্পাদক আছিল । দিপালী বৰঠাকুৰৰ কণ্ঠৰ এই নদীৰে সিপাৰতে চেনেহ ফুল ফুলে, জয়ন্ত হাজৰিকাৰ কণ্ঠৰ লুইতৰ সোঁতত লিখা ৰ’ব আদি অনেক জনপ্ৰিয় গীতৰ স্ৰষ্টা আছিল তেওঁ । তেওঁ চিকমিক বিজুলী, লটিঘটি আদি চলচ্চিত্ৰৰো সহকাৰী পৰিচালক আছিল । ২০০৫ চনত তেওঁ নটসূৰ্য বঁটা লাভ কৰে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি সাহিত্যিক, শিক্ষাবিদ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্মৰ স্মৃতি দিৱস । ২০০২ বৰ্ষৰ পৰা ২০০৮ বৰ্ষলৈ তেওঁ বড়ো সাহিত্য সভাৰ সভাপতি আছিল । তেওঁৰ কাৰ্যকালতে বড়ো ভাষাই সংবিধানৰ অষ্টম অনূচীত স্থান লাভ কৰে । বায়নি দেংথো বায়দি গাব নামৰ কাব্য সংকলনৰ বাবে ২০১৫ বৰ্ষত তেওঁ বড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে । ২০১৯ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।