ওজন বৃদ্ধিৰ দৰে গুৰুত্বৰ সমস্যাৰ ক্ষেত্ৰত সাধাৰণ নিম পাতে আনিব পাৰে সুখৰ সংবাদ । নিম পাতত থাকে অনেক ঔষধি গুণ । নিম পাতৰ ৰসে ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
নিম পাতত থকা ভিটামিন চি , ফচফৰাছ , কেলচিয়াম আৰু প্ৰ’টিনজাতীয় উপাদানবোৰে হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে । আনহাতে নিমত থকা এন্টি -অক্সিডেন্টে দেহৰ কেলৰি হ্ৰাস কৰাত সহায় কৰে । নিম পাতত থকা ফাইবাৰ স্বাস্থ্যৰ বাবে অতি উপযোগী । পেটৰ অসুখৰ বাবেও নিম ৰস অতি উপকাৰী ।
নিম ৰস নিয়মীয়াকৈ খালে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু শৰীৰৰ বাবে ক্ষতিকাৰক টক্সিন বাহিৰ কৰাত সহায় কৰে । নিয়মীয়াকৈ নিম ৰস খোৱাৰ অভ্যাস কৰিলে মেদবহুলতাৰ পৰাও হাত হাৰি থাকিব পাৰি ।
শৰীৰত চৰ্বিৰ পৰিমাণ বাঢ়ি গ’লে নিম ৰসৰ লগত মৌ মিহলাই খালেও যথেষ্ট সুফল পোৱা যায় । নিম পাতৰ এনেবোৰ ঔষধিযুক্ত গুণৰ বাবে আয়ুৰ্বেদতো নিম পাতক এক বিশেষ গুৰুত্ব দিয়া হৈছে ।