কার্যালয়ৰ সভা হওক বা শিশুৰ অনলাইন ক্লাছ হওক, সকলো বয়সৰ মানুহে নিজৰ মোবাইল ফোনত ক্ৰমান্বয়ে নিৰ্ভৰশীল হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ ২.২ বিলিয়নতকৈ অধিক লোক চকুৰ সমস্যাত ভুগিছে। দৃষ্টিশক্তি হ্ৰাস বা ম্লান হোৱাৰ উপৰিও মোবাইল ফোন আৰু ফোন স্ক্ৰীণৰ পৰা অহা পোহৰ চকুৰ আন বহুতো জটিলতাৰ সৈতে জড়িত বুলি গৱেষণাৰ পৰা জানিব পৰা গৈছে।
চকুৰ চিকিৎসকৰ মতে যদি কোনো ব্যক্তিয়ে প্ৰতিদিনে ৮ ঘণ্টাৰো অধিক সময় ফোনটো চায় তেন্তে চকুৰ গাঁথনিগত পৰিৱৰ্তন হয় ৷ কেৱল সেয়াই নহয়, চকুৰ মণিৰ আকৃতিতো ই প্ৰভাৱ পেলায়।
বিশেষজ্ঞসকলৰ মতে, মহামাৰীৰ পিছৰে পৰা শিশুৰ মায়’’পিয়াৰ প্ৰাদুৰ্ভাৱ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। এই ৰোগত আক্ৰান্ত হ’লে দূৰৈৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাযায়। কিছুদিন আগলৈকে ১৮ বছৰৰ পিছত এনে সমস্যা আৰম্ভ হৈছিল। কিন্তু এতিয়া শিশুৰ ক্ষেত্ৰত ই অতি সাধাৰণ হৈ পৰিছে। আৰু যিসকল ল’ৰা-ছোৱালীয়ে ইতিমধ্যে চশমা ব্যৱহাৰ কৰিবলৈ লৈছে তেওঁলোকৰ চশমাৰ ক্ষমতা বহুত বাঢ়িছিল।
চকু দুটা সুস্থ কৰি ৰাখিবলৈ কি কি নিয়ম মানি চলিব?
চিকিৎসকৰ মতে, চকু দুটা সুস্থ কৰি ৰখাৰ একমাত্ৰ উপায় হ’ল বেছি সময় ফোনটো নাচাব। কিন্তু কামৰ বাবে যদি বহু সময়লৈ ফোন বা লেপটপ চাব লগা হয়, তেন্তে কিছু টিপছ মনত ৰখাটো জৰুৰী।
১) ৭-৮ ঘণ্টা কাম কৰাৰ পিছত ৰাতি শুই ছচিয়েল মিডিয়াত চাৰ্ফিং কৰা বন্ধ কৰক।
২) মোবাইলৰ সলনি কম্পিউটাৰ বা লেপটপ ব্যৱহাৰ কৰাটো ভাল।
৩) অনবৰতে ফোন বা লেপটপ নোচোৱাকৈ ২০-২০-২০ নিয়ম অনুসৰি কাম কৰিব লাগে । অৰ্থাৎ প্ৰতি ২০ মিনিট ২০ ছেকেণ্ডৰ মূৰে মূৰে ২০ ফুট দূৰত্বত কোনো বস্তু চাই অভ্যাস কৰিব লাগে।