ভাৰতে অগ্নি-৫ বেলিষ্টিক মিছাইল পৰীক্ষা কৰিবলৈ প্ৰস্তুতি সম্পূর্ণ কৰিছে । ইয়াৰ বাবে বংগোপসাগৰক ইতিমধ্যে চৰকাৰে ‘ন’ ফ্লাই জ’ন’ বুলি ঘোষণা কৰিছে। কিন্তু ইয়াৰ মাজতে ভাৰত মহাসাগৰত চীনৰ সন্দেহযুক্ত ‘চোৰাংচোৱা’ জাহাজৰ চলাচলে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্বেগ বৃদ্ধি কৰিছে। ১৫-১৬ ডিচেম্বৰৰ ভিতৰত ওড়িশাৰ উপকূলৰ আব্দুল কালাম দ্বীপৰ পৰা অগ্নি-৫ বেলিষ্টিক মিছাইল পৰীক্ষামূলকভাৱে নিক্ষেপ কৰিবলৈ চিন্তা চর্চা কৰা হৈছে ৷ কিন্তু ইয়াৰ মাজতে ভাৰত মহাসাগৰ অঞ্চলত চীনৰ জাহাজৰ চলাচলে সন্দেহৰ সৃষ্টি কৰিছে।
নৰৱেৰ কোম্পানী মেৰিটাইম অপ্টিমাৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি সোমবাৰে ভাৰত মহাসাগৰত প্ৰৱেশ কৰে চীনৰ জাহাজ ‘ইউয়ান ৱাং-৫’। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জাহাজখন বৰ্তমান ইণ্ডোনেছিয়াৰ জাভা দ্বীপৰ উপকূলৰ দক্ষিণ ভাৰত মহাসাগৰত অৱস্থান কৰিছে ৷ এই চীনৰ জাহাজখন আগতেও ভাৰত মহাসাগৰত প্ৰৱেশ কৰিছিল ৷ যদিও চীনে বাৰে বাৰে দাবী কৰি আহিছে যে গৱেষণাৰ উদ্দেশ্যে এই জাহাজখন ৰখা হৈছে। চোৰাংচোৱাগিৰিৰ অভিযোগ চীনে খাৰিজ কৰি আহিছে ৷
আন্দামান আৰু নিকোবৰ অঞ্চলত ক্ষেপণাস্ত্ৰ পৰীক্ষণ সন্দৰ্ভত ভাৰতে নো-ফ্লাই জ’ন জাৰি কৰাৰ মাত্ৰ এসপ্তাহৰ পিছতে ইউয়ান ৱাং-৫ৰ গতিবিধিৰ খবৰ পোহৰলৈ আহে। চীনৰ এই ‘গৱেষণা’ জাহাজখন ইউয়ান ৱাং শ্ৰেণীৰ চাৰিখন জাহাজৰ ভিতৰত অন্যতম। এই জাহাজখনে উপগ্ৰহ আৰু আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইলৰ গতিবিধি অনুসৰণ কৰিবলৈ সক্ষম।
ভাৰত চৰকাৰে দাবী কৰিছে যে অগ্নি-ফাইভ বেলিষ্টিক ক্ষেপণাস্ত্ৰই ৫ হাজাৰ কিলোমিটাৰ দূৰৰ লক্ষ্যত আঘাত কৰিবলৈ সক্ষম। অৰ্থাৎ ভাৰতৰ পৰা এই ক্ষেপণাস্ত্ৰ চীনৰ ভিতৰত আঘাত কৰিবলৈ সক্ষম হ’ব । অগ্নি-ফাইভৰ ষ্ট্ৰাইক ক্ষমতাই চীনৰ ভিতৰত যথেষ্ট শংকাৰ সৃষ্টি কৰা বুলি ধাৰণা কৰা হৈছে। আৰু সেইবাবেই চীনৰ জাহাজবোৰে এই ক্ষেপণাস্ত্ৰৰ শক্তি ওচৰৰ পৰা চাবলৈ পুনৰ ভাৰত মহাসাগৰত অৱস্থান কৰিছে ৷ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি অগ্নি-ফাইভ পৰীক্ষাৰ সময় পিছুৱাই দিব পাৰি নে নোৱাৰে সেই সম্পৰ্কে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে আলোচনা আৰম্ভ হৈছে।