যদি কোনো লোকে বেংকত টকা জমা কৰাৰ কথা চিন্তা কৰিছে তেন্তে তেনে লোকৰ বাবে দেশৰ চৰকাৰী আৰু বেচৰকাৰী মুঠ সাত টা বেংকে আগবঢ়াইছে এক বিশেষ সুবিধা। “FD Rates” ৰ জৰিয়তে গ্ৰাহকে ৬ মাহতো এক ভাল অৰ্জন কৰিব পাৰে। উল্লেখ্য যে বেংকসমূহৰৰ ফালৰ পৰা ৭ দিনৰ পৰা ১০ বছৰ পৰ্যন্ত FD দিয়াৰ সুবিধা থাকে।
কোনো লোকে SBI, PNB, HDFC Bank, Kotak Mahindra Bank, Canara Bank, Bank of Baroda আৰু ICICI বেংকত নিজৰ টকা জমা থব পাৰিব আৰু তাৰ বিনিময়ত লাভ কৰিব উচিত পৰিমাণৰ সুদ।
- কোনো লোকে এছ বি আই (SBI) বেংকত ৬ মাহৰ বাবে টকা জমা থলে , নিৰ্দিষ্ট টকাৰ ৩.৯০% সুদৰ হাৰ লাভ কৰিব। ইয়াৰ উপৰিও প্ৰাপ্তবয়স্ক লোকসকলক ৪.৪০% সুদ দিয়াৰ সুবিধা দিছে ষ্টেট বেংক অৱ ইণ্ডিয়াই।
- পাঞ্জাৱ নেচনেল বেংকে (PNB) , গ্ৰাহকে ৬ মাহৰ বাবে টকা জমা থলে সেই হিচাপত সুদৰ হাৰ নিৰ্ধাৰণ কৰিছে ৪% । আনহাতে প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে এই হাৰ ৪.৫০% ।
- ব্যক্তিগত শাখাৰ এক উল্লেখযোগ্য বেংক এইচ ডি এফ চি ( HDFC ) য়ে জনসাধাৰণৰ বাবে সুদৰ হাৰ নিৰ্ধাৰণ কৰিছে ৩.৫০% । আনহাতে প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে এই হাৰ ৪ % ।
- ক’টাক মহিন্দ্ৰা বেংক “Kotak Mahindra Bank”য়ে গ্ৰাহকৰ বাবে ৬ মাহৰ হিচাপত সুদৰ হাৰ নিৰ্ধাৰণ কৰিছে ৩.২৫% ।
- দেশৰ কানাৰা বেংকে (Canara Bank) প্ৰাপ্তবয়স্ক আৰু সাধাৰণ গ্ৰাহক সকলোৰে বাবে ৪% সুদৰ হাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
- চৰকাৰী শাখাৰ বেংক অৱ বৰোডা (Bank Of Baroda) ই গ্ৰাহকক সুদৰ হাৰ ৩.৭০% দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
- দেশৰ আগশাৰীৰ আই চি আই চি আই (ICICI) বেংকে সাধাৰণ গ্ৰাহক আৰু প্ৰাপ্তবয়স্ক সকলোৰে বাবে সুদৰ হাৰ নিৰ্ধাৰণ কৰিছে ৩% ।
দেশৰ চৰকাৰী তথা বেচৰকাৰী এই বেংকসমূহে গ্ৰাহকৰ সুবিধাৰ্থে আগবঢ়াইছে এই সেৱা।