অসমৰ সাংস্কৃতিক দিশত এখন চহকী জিলা যোৰহাট ৷ য’ত সময়ে সময়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ শুক্ৰবাৰে সন্ধিয়া যোৰহাট থিয়েটাৰৰ পৰা পঞ্চম বাৰৰ বাবে সফলতাৰে মঞ্চস্থ কৰা হয় প্ৰবীণ ফুকন ৰচিত নাট “ লাচিত বৰফুকন “।
অসম কৃষি বিশ্ববিদ্যালয়ৰ গাণনিক সেৱা সন্থাৰ দ্বি বাৰ্ষিক অধিবেশন উপলক্ষে বীৰ জনাৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ শ্ৰদ্ধা জনাই উক্ত নাট খনি প্ৰদৰ্শন কৰা হয় ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই উদ্বোধন কৰে নাট্যসন্ধ্যাটিৰ সংগীতৰ দ্বায়িত্বত আছিল অসমৰ এগৰাকী স্বনামধন্য সংগীত পৰিচালক তথা গায়ক জয়ন্ত নাথ ৷