আজি বিশিষ্ট সাহিত্যিক বেণুধৰ ৰাজখোৱাৰ ওপজা দিন । ১৯৭২ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ৰ খোৱাঙত তেওঁৰ জন্ম হৈছিল । কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰি তেওঁ অসমত ১৮৯৮ চনত উপ-প্ৰতি সমাহৰ্তা ৰূপে কৰ্মজীৱনৰ পাতনি মেলি ১৯৩১ চনত শিৱসাগৰ জিলাৰ উপায়ুক্ত ৰূপে অৱসৰ গ্ৰহণ কৰে । ব্ৰিটিছ চৰকাৰে তেওঁক ৰায়চাহাব খিতাপ লাভ কৰে । কলিকতাত পঢ়ি থকা সময়ছোৱাত তেওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সৈতেও জড়িত হৈ আছিল । পদ্মনাথ গোহাঞি বৰুৱাৰ সৈতে লগ লাগি তেওঁ ‘বিজুলী’ আলোচনীৰ প্ৰকাশত বিশেষ অৰিহণা যোগাইছিল । চন্দ্ৰসম্ভৱ, দশগীত, পঞ্চকবিতা, কুৰি শতিকাৰ সভ্যতা, টোপনিৰ পৰিণাম, অসমীয়া খণ্ডবাক্য কোষ আদি তেওঁৰ প্ৰকাশিত পুথি । ১৯২৬ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি অভিনেত্ৰী তথা পৰিচালক আভা হাজৰিকাৰ স্মৃতি দিৱস । তেওঁ ‘মানৱ আৰু দানৱ’ চলচ্চিত্ৰত অভিনয়ৰ জৰিয়তে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল । পিছলৈ তেওঁ নিয়তি, অগ্নিস্নান, বৈভৱ আদি চলচ্চিত্ৰত অভিনয় কৰে । তেওঁ পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা অভিনয়ৰ ডিপ্লমা লাভ কৰিছিল । কলিকতাৰ ভিক্টোৰিয়া কলেজত পঢ়ি থাকোঁতেই তেওঁ ‘মেঘে ঢাকা তাৰা’ নামৰ বাংলা নাটক এখনত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল । তেওঁ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা তথ্যচিত্ৰ পৰিচালক । ১৯৭৯ চনত তেওঁ প্ৰথমখন তথ্যচিত্ৰ ‘ভুল’ নিৰ্মাণ কৰে । পিছলৈ তেওঁ অসমৰ লোকচিত্ৰ, সামাজিক বনানীকৰণ আদি বিষয়ত কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰে । গুৱাহাটী দূৰদৰ্শন যোগে প্ৰচাৰিত ‘উৎকণ্ঠ মহানগৰ’ নামৰ ধাৰাবাহিক এখনো তেওঁ পৰিচালনা কৰিছিল । অসমীয়া চলচ্চিত্ৰ ‘মধুছন্দা’ৰ তেওঁ মুখ্য সহকাৰী পৰিচালক আছিল । তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নাট শাখাৰ উপদেষ্টা আৰু ফিল্ম চেন্সৰ বোৰ্ডৰ সদস্য আছিল । ২০১০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । অভিনেত্ৰী তথা পৰিচালকগৰাকীলৈ আমাৰ প্ৰণাম ।