বিজেপি চৰকাৰৰ ১০০ দিন পূৰ্ণ হোৱাৰ উপলক্ষে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই অসমবাসীলৈ আগবঢ়ালে ৯ টা বিশেষ উপহাৰ।
আজিৰ পৰা অৰুণোদয় আঁচনিৰ ধন ৮৩০ টকাৰ বিপৰীতে ১০০০ টকালৈ বৃদ্ধি কৰা হ‘ল।
লকডাউনত ক্ষতিগ্ৰস্ত হোৱা ড্ৰাইভাৰ ,হেণ্ডিমেনক ১০ হাজাৰকৈ টকা দিয়াৰ কথা ঘোষণা।
একেদৰে মন্দিৰৰ পূজাৰী আৰু নামঘৰীয়ালৈও ১৫ হাজাৰকৈ ধন আগবঢ়াব অসম চৰকাৰে।
দশম শ্ৰেণী পৰ্যন্ত ভূগোল আৰু বুৰঞ্জী বাধ্যতামূলক বিষয় কৰা হ’ব।
গুৱাহাটীত পেট্ৰল আৰু ডিজেল চালিত বাছৰ পৰিৱৰ্তে ৬ মাহৰ পৰা ১ বছৰৰ ভিতৰত ইলেকট্ৰিক বাছ চলাৰ সিদ্ধান্ত গ্ৰহণ।
পদপথৰ ক্ষতিগ্ৰস্ত ব্যৱসায়ীৰ বাবে অতি শীঘ্ৰেই আঁচনি গ্ৰহণ কৰাৰ কথাও ঘোষণা মুখ্যমন্ত্ৰীৰ।
লগতে মাইক মেন, টেন্ট হাউছ,শিল্পী তথা কলা-কুশলীৰ বাবে শীঘ্ৰেই সাহাৰ্য ঘোষণা কৰিব অসম চৰকাৰে।
অসমৰ শিক্ষা ব্যৱস্থাতো আমূল পৰিৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
অতি শীঘ্ৰেই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলিং ব্যৱস্থাৰ প্ৰৱৰ্তন হ’ব অসমত।