জেনেটিক সামগ্ৰী আৰ এন এ ব্যৱহাৰ কৰি ক’ভিডৰ ভেকচিন প্ৰস্তুত কৰা হৈছিল। তেতিয়াই গৱেষকসকলে আশাৰ পোহৰ দেখিছিল ৷ তেওঁলোকে ভাবিছিল যে এই আৰএনএ ব্যৱহাৰ কৰি ভেকচিন ভৱিষ্যতে কর্কট ৰোগৰ বিৰুদ্ধে উপযোগী হ’ব পাৰে। সেই আশা সম্পূৰ্ণ ভিত্তিহীন নাছিল ৷ ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান মডাৰ্নাৰ নতুন ভেকচিনৰ পৰীক্ষাৰ ফলাফলে ইয়াৰ সত্যতা প্ৰমাণ কৰিছে ৷ ঔষধ নিৰ্মাতা কোম্পানীটোৱে কয় যে তেওঁলোকৰ নতুনকৈ প্ৰস্তুত কৰা কর্কট প্ৰতিৰোধী আৰএনএ ভেকচিনে ছালৰ কৰ্কট ৰোগৰ বিৰুদ্ধে সফলতা লাভ কৰিছে।
মডাৰ্নাই মঙলবাৰে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি মেলানোমা নামৰ এক প্ৰকাৰৰ ছালৰ কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ চিকিৎসাত এই নতুন ভেকচিনটো পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হৈছে। এই পৰীক্ষাত মুঠ ১৫০ জন ৰোগীয়ে অংশগ্ৰহণ কৰিছিল। এই ধৰণৰ কৰ্কট ৰোগৰ চিকিৎসাত এতিয়া পেমব্ৰলিজুমাব (Pembrolizumab) ব্যৱহাৰ কৰা হয়। পৰীক্ষামূলক প্ৰয়োগত ৰোগীক এমআৰএনএৰ এন্টিব’ডি দিয়া হৈছিল। এই পৰীক্ষাৰ কৰিবলৈ মডাৰ্নাই আন এটা ঔষধ নিৰ্মাতা প্ৰতিষ্ঠান মাৰ্কৰ সৈতে সম্পন্ন কৰিছে ৷
সংস্থাটোৱে দাবী কৰিছে যে এই পৰীক্ষাটোৱে যথেষ্ট সফলতা লাভ কৰিছে। টিকাকৰণৰ পিছত কৰ্কট ৰোগৰ পুনৰাবৃত্তি আৰু ৰোগীৰ মৃত্যুৰ সম্ভাৱনা প্ৰায় ৪৪ শতাংশ হ্ৰাস পায়। সংস্থাটোৱে দাবী কৰিছে যে ভৱিষ্যতে তেওঁলোকে কেৱল ছালৰ নহয়, অন্যান্য কৰ্কট ৰোগৰ বিৰুদ্ধেও এনে ভেকচিন প্ৰস্তুত কৰাৰ চেষ্টা কৰিব। প্ৰসংগক্ৰমে ক’ভিডৰ আগমনৰ পূৰ্বে জিনীয় সামগ্ৰীৰ পৰা তৈয়াৰী এনে ভেকচিন বহুলভাৱে উপলব্ধ নাছিল। কভিড প্ৰতিৰোধৰ বাবে এই আধুনিক ভেকচিনৰ সফলতাই মডাৰ্নাক বিখ্যাত কৰি তুলিছিল। যদি এই ভেকচিন কেন্সাৰৰ বিৰুদ্ধে সফল হয় তেন্তে কেন্সাৰৰ চিকিৎসাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে।