আজি কবি, নাট্যকাৰ শৈলধৰ ৰাজখোৱাৰ স্মৃতি দিৱস । ১৯১৭ চনত ডিব্ৰুগড়ত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলি তেওঁ ১৯১৯ চনত মাটিৰ হাকিম হয় আৰু ১৯৪৭ চনত ইএছচি হিচাপে অৱসৰ গ্ৰহণ কৰে । ছাত্ৰাৱস্থাৰ পৰাই তেওঁ সাহিত্য চৰ্চা কৰিছিল আৰু সেইবোৰ ঊষা, বাঁহী আদি আলোচনীত প্ৰকাশ পাইছিল । নিজৰা আৰু উদগনি তেওঁৰ দুখন কবিতা পুথি । বিদ্যাৱতী আৰু অসম গৌৰৱ তেওঁৰ নাটক । ১৯৬৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । কবি, নাট্যকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ স্মৃতি দিৱস । প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ নামভূমিকাত তেওঁ অভিনয় কৰিছিল । পিছে তাৰ বাবে তেওঁ সমাজৰ ৰোষত পৰি আজীৱন জীয়াতু ভুগিবলগীয়া হৈছিল । আনকি তেওঁ নিজে অভিনয় কৰা চলচ্চিত্ৰখন জীৱনকালত সম্পূৰ্ণকৈ চোৱাৰো সৌভাগ্য নঘটিল । ২০০২ চনৰ আজিৰ দিনটোতে তেওঁ কোনো বিশেষ স্বীকৃতি নোপোৱাকৈয়ে ইহ সংসাৰৰ পৰা বিদায় লয় । অভিনেত্ৰীগৰাকীলৈ আমাৰ প্ৰণাম ।