চিকিৎসকৰ পৰা আৰম্ভ কৰি পুষ্টিবিদলৈকে সকলোৱে শৰীৰত পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিনৰ বাবে প্ৰতিদিনে এটাকৈ কণী খাবলৈ পৰামৰ্শ দিয়ে। বহুতে কণী খাই ভাল পায়। গতিকে পুৱাৰ আহাৰৰ পৰা নিশাৰ খাদ্যলৈকে সকলোতে কণী কোৱা পৰিলক্ষিত হয় একাংশ লোকক ৷ কিন্তু সকলো বয়সৰ মানুহে প্ৰত্যেক সাজতে কণী খাব লাগেনে? সদায় কণী খোৱাটো স্বাস্থ্যসন্মতনে ?
চিকিৎসকৰ মতে, এজন ব্যক্তিয়ে দিনটোত কিমান কণী খাব পাৰে সেয়া তেওঁৰ শাৰীৰিক কি জটিলতা আছে তাৰ ওপৰত নিৰ্ভৰ কৰে। এজন সুস্থ ব্যক্তিয়ে সপ্তাহত সাত দিন কণী খাব পাৰে। কিন্তু যিসকলৰ উচ্চ ৰক্তচাপ বা কলেষ্টেৰলৰ সমস্যা আছে তেওঁলোকৰ বাবে কণী ক্ষতিকাৰক। কাৰণ, কণীৰ কুহুম খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ বাহিৰেও পাচনতন্ত্ৰৰ অসুবিধা, গেছ, তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হোৱাৰ আশংকা আছে। যিসকলৰ এলাৰ্জীৰ সমস্যা আছে তেওঁলোকে বেছিকৈ কণী খাব নালাগে।
দিনটোত কিমান কণী খাব পাৰি?
এজন ব্যক্তিয়ে এদিনত সৰ্বাধিক ৩টা কণী খাব পাৰে যদিহে তেওঁৰ ওপৰত উল্লেখ কৰা শাৰীৰিক সমস্যা নাথাকে। অৱশ্যে আজিকালি বর্ণসংকৰ কৰি বিভিন্ন ধৰণৰ কণী উৎপাদন কৰা হয় ৷ কলেষ্টৰল মুক্ত কণীও বজাৰত উপলব্ধ ৷ অতিৰিক্ত ভিটামিন আৰু প্ৰটিনযুক্ত কণী শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবেও বজাৰত উপলব্ধ। সেয়ে কলেষ্টেৰল বৃদ্ধি পাব বুলি ভয়ত কণী নোখোৱা পুৰণি ধাৰণাটো লাহে লাহে কমি আহিছে । কিন্তু শাৰীৰিক সমস্যা হ’লে কণী খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী বুলি চিকিৎসকৰ এটা দলে প্ৰকাশ কৰিছে।