গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘আইডল’ একাংশ আশাহত ছাত্ৰ-ছাত্ৰীৰ বাবে আশাৰ কিৰণস্বৰূপ। বিভিন্ন কাৰণত উচ্চশিক্ষাৰ পৰা বঞ্চিত একাংশ ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই দূৰ আৰু মুক্ত শিক্ষাৰ প্ৰতিষ্ঠানৰ জৰিয়তেই নিজৰ আধৰুৱা সপোন পূৰ্ণ কৰে।
এই আইডলৰ ভৱিষ্যত এতিয়া অনিশ্চয়তাৰ কৱলত। লগতে অন্ধকাৰ হৈ পৰিছে একাংশ শিক্ষক-কৰ্মচাৰীৰো ভৱিষ্যত। বৃহৎ বৃত্তীয় আৰু শৈক্ষিক কেলেংকাৰীৰ পৰিণতিত বিগত দুবছৰে শিক্ষানুষ্ঠানখনৰ নামভৰ্তি বন্ধ হৈ আছে।
ক’ভিডৰ বাবে তেজপুৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তো ইউ জি চিয়ে দূৰ শিক্ষাৰ পাঠ্যক্ৰমৰ নামভৰ্তি বন্ধ কৰি ৰাখিছিল। কিন্তু পৰৱৰ্তী সময়ত বাকী দুখনে নামভৰ্তিৰ বাবে অনুমোদন লাভ কৰে। আনহাতে ২০২০ চনৰ পৰা কেলেংকাৰীৰ খবৰে শিৰোনাম দখল কৰা শিক্ষানুষ্ঠানখনত এই পৰ্যন্ত নামভৰ্তি সম্ভৱ হৈ উঠা নাই।
বছৰৰ দুটা মাহ ক্ৰমে জানুৱাৰী আৰু জুলাইত নামভৰ্তি কৰা এই পাঠ্যক্ৰমত বছৰি প্ৰায় ২২ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰি আহিছিল। এই পাঠ্যক্ৰমৰ বিপৰীতে বছৰি ডেৰ কোটিৰো অধিক টকা ৰাজহ সংগ্ৰহ হৈছিল বুলি শিক্ষানুষ্ঠানখনৰ এটা সূত্ৰই সদৰী কৰিছে। আনহাতে ছেলফ ফাইনেন্সিং শিক্ষা প্ৰতিষ্ঠানখনত মাহে দৰমহাৰ নামত প্ৰায় ২৫ লাখ টকাৰ প্ৰয়োজন হয় বুলি বাতৰিত প্ৰকাশ।
নামভৰ্তি বন্ধ হৈ যোৱাৰ লগে লগে এতিয়া দৰমহা দিয়া লৈ তীব্ৰ সংকটৰ সন্মুখীন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। শেহতীয়াকৈ যোৱা ৫ এপ্ৰিলত বিশ্ববিদ্যালয় কতৃপক্ষই আইডলৰ একাংশ শিক্ষক-কৰ্মচাৰীৰ ঠিকাভিত্তিক নিয়োজিত চাকৰিৰ ম্যাদ নৱীকৰণ স্থগিত ৰখা বুলি প্ৰকাশ কৰে। ফলত ৩০ গৰাকী শিক্ষক-কৰ্মচাৰীৰ দৰমহাও স্থগিত ৰখা হয়।
কতৃপক্ষক বাৰম্বাৰ স্মাৰকপত্ৰ অৰ্পণ কৰিও এইপৰ্যন্ত দৰমহা লাভ কৰিবলৈ সক্ষম নোহোৱা ভগ্নপ্ৰায়ৰ কোনো এজনে সামাজিক মাধ্যমত আত্মহত্যাৰো ভাবুকী দিয়া পৰিলক্ষিত হৈছে।
উল্লেখযোগ্য যে আইডলৰ অবৈধ ডিপ্লমা প্ৰদান আৰু নামভৰ্তিৰ নামত বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহৰ বিষয়টো তদন্ত কৰিবলৈ জম্মু-কাশ্মীৰ আৰু ছিকিমৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ড° আফতাব হুছেইন শইকীয়াৰ নেতৃত্বত এখন সমিতি গঠন কৰা হয়। আয়োগৰ প্ৰতিবেদনত ২০১০ চনৰ পৰা ২০১৭ চনৰ সময়ছোৱাত কাৰ্যনিৰ্বাহ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক আৰু আইডলৰ সঞ্চালকগৰাকীক দোষী সাব্যস্ত কৰা হয়।
প্ৰতিবেদনৰ আধাৰত বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত উপাচাৰ্যৰূপে কৰ্মৰত আইডলৰ প্ৰাক্তন সঞ্চালক ড° কন্দৰ্প দাসক নিলম্বন কৰা হয়। কিন্তু দুৰ্ভাগ্যৰ কথা যে অন্য কোনোবাই কৰা অনিয়মৰ ফল কৰ্মৰত আৰু কেলেংকাৰীৰ সৈতে কোনো সম্পৰ্ক নথকা শিক্ষক-কৰ্মচাৰীয়ে ভূগিবলগীয়া হৈছে।
অভিযোগ উত্থাপিত হৈছে যে আইডলৰ এইসকল শিক্ষক-কৰ্মচাৰী দীৰ্ঘ দিনৰ পৰাই বঞ্চিত আৰু শোষিত। অৱসৰকালীন কোনো সুবিধা অবিহনেই একাংশই চাকৰি এৰিব। তাৰ ওপৰত দৰমহা বন্ধ আৰু ম্যাদ নৱীকৰণৰ অন্য এক কুঠাৰঘাত।
আইডলৰ সূত্ৰৰ আন এক অভিযোগ অনুসৰি ইউ জি চিয়ে ২০১৮ চনতে আইডলত নিয়মীয়া শিক্ষক নিযুক্তি দিবলৈ নিৰ্দেশনা দিছিল। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ে এই কথাত গুৰুত্ব নিদিলে। প্ৰায় ১৫ টা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম চলাই থকা আইডলত ৰাজনীতি বিজ্ঞান আৰু এম এছ চি(আই টি)ৰ বাদে আন বিষয়ত এজনকৈহে শিক্ষক নিয়োজিত হৈ আছে।
বিশ্ববিদ্যালয়ে শিক্ষক নিযুক্তিৰ পৰিৱৰ্তে আন বিভাগৰ শিক্ষকক আইডলৰ বুলি প্ৰমাণিত কৰিব বিচৰাৰ অভিযোগ উত্থাপিত হৈছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়ে কেৱল চাৰিটা বিষয় ক্ৰমে অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান আৰু এম এছ চি(আই টি)ৰ পাঠ্যক্ৰম চলাবলৈ ইউ জি চিলৈ আবেদন কৰিছে। এই ক্ষেত্ৰত ইউ জি চিৰ স্থিতি লক্ষণীয় হ’ব।
আনহাতে প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত একাংশ শিক্ষক-কৰ্মচাৰীয়ে আদালতৰ দ্বাৰস্থ হোৱাৰ চিন্তা কৰিছে। বিশ্ববিদ্যালয়ে আইডলৰ পুনৰ গঠন সম্পৰ্কীয় আলোচনাৰ বাবে যোৱা ২৫ ফেব্ৰুৱাৰীতে এখন ১১ জনীয়া সমিতি গঠন কৰি দিছিল যদিও বৰ্তমানলৈকে সমিতিয়ে একো প্ৰতিবেদন দাখিল নকৰাত প্ৰতিষ্ঠানখনৰ ভৱিষ্যত লৈ সকলোৰে মাজত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে।