বৰ্তমান উৎসৱৰ বতৰ ৷ এই সময়ছোৱাত আপুনি বাৰু সদায় প্ৰসাধন কৰিব লাগে নেকি ? যদি লাগে তেন্তে দৈনন্দিন প্ৰসাধনৰ সলনি আপুনি কিছু সহজ উপায় অৱলম্বন কৰিব পাৰে ৷আপুনি প্ৰসাধনৰ পৰিৱৰ্তে নিতৌ গ্লিটাৰ ব্যৱহাৰ কৰিব পাৰে । উৎসৱ মুখৰ পৰিবেশৰ লগত মিলাবলৈ ই হ’ব এক সুন্দৰ উপায়।ইয়াৰ উপৰিও এই উৎসৱৰ বতৰত আজি আপোনালোকলৈ লৈ আনিছোঁ কেইটামান আকৰ্ষণীয় প্ৰসাধনৰ টিপছ-
গ্রাফিক আইলাইনাৰ-
যদি আপুনি অত্যাধিক প্ৰসাধন কৰা যেন নেদেখুওৱাটো বিচাৰে আৰু আপোনাৰ প্ৰসাধন একেবাৰে কম কৰি ৰাখিব বিচাৰে, তেন্তে আপুনি আপোনাৰ চকুযুৰিৰ ওপৰত অধিক গুৰুত্ব দিয়ক । গ্ৰাফিক আইলাইনাৰৰ উদ্দেশ্য হৈছে আপোনাৰ চকু দুটাক সাহসী আৰু সুন্দৰ দেখুওৱা। আপুনি ৰঙা, বগা আৰু সেউজীয়া আইলাইনাৰ ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে নৱবৰ্ষৰ বাবে নিয়ন ৰঙৰ সৈতেও বেয়া নালাগিব আপোনাক ।
সূক্ষ্ম প্ৰসাধন আৰু সাহসী ওঁঠ-
আপোনাৰ ছালখন উজ্জ্বলাই ৰাখিবলৈ পাতল ফাউণ্ডেচন এটা বাছি লওক লগতে বাচি লওঁক ক’লা বা ৰংহীন কাজল ৷ গালত অলপ ব্লাছ কৰি পাৰ্টি ভাইবছৰ সৈতে মিল থকা উজ্জ্বল ৰঙৰ কাপোৰ সাজ পিন্ধি আপোনাৰ ওঁঠযুৰি ৰঙীন কৰি তোলক। নতুন বৰ্ষৰ বাবে আপুনি বল্ড বা চাইৰেন ৰঙা, বা গোলপীয়া ৰঙৰ লিপষ্টিক ল’ব পাৰে। নতুন বছৰৰ বাবে নীলা, বেঙুনীয়া আৰু ক’লা ৰং লৈয়ো নিজকে পৰীক্ষা কৰি চাব পাৰে ।
ন্যুড মেকআপ আৰু স্ফটিক-
যিকোনো মেকআপৰ প্ৰধান চাবিকাঠি হ’ল ভাৰসাম্য। যদি আপুনি আপোনাৰ মেকআপৰ বাবে ন্যুড ৰঙৰ পেলেট ব্যৱহাৰ কৰিব খুজিছে তেন্তে স্ফটিক বা ৰাইষ্টোন ব্যৱহাৰ কৰি কিছু স্পাৰ্কল যোগ কৰক। উত্তম ফলাফলৰ বাবে চকুৰ মেকআপত ক্ৰিষ্টেল অন্তৰ্ভুক্ত কৰক। অত্যাধুনিক দেখাবৰ বাবে আপুনি বিভিন্ন ৰঙৰ ক্ৰিষ্টেল ব্যৱহাৰ কৰিব পাৰে।
ফ্ৰাষ্টেড মেকআপ-
শীতকালীন ঋতুৰ পাৰ্টিৰ বাবে ই এক নিখুঁত মেকআপ লুক। গোলপীয়া বা নীলা ৰঙৰ আইশ্বেড’ব্যৱহাৰ কৰি আপোনাৰ মেকআপত ফ্ৰষ্টি টাচ যোগ কৰক, নহ’লে ৰূপালী ৰঙৰ দৰে ৰঙো ব্যৱহাৰ কৰিব পাৰে। লগতে ড’ আইলাইনাৰ ব্যৱহাৰ কৰি চকু দুটা অধিক উজ্জ্বল আৰু ডাঙৰ কৰিবও পাৰে ৷
বিমিং হাইলাইটাৰো প্ৰয়োগ কৰক-
এইয়া সকলোৱেই যেন জিলিকি উঠাৰ সময় ।সেয়েহে প্ৰসাধনৰ যোগেদি আপোনাৰ ছালৰ উজ্জ্বলতা আনিবলৈ এটা লুমিনাছ ফাউণ্ডেচন বাছি লওক। পাৰ্টিৰ বাবে বগা, ৰঙা, সেউজীয়া, বেঙুনীয়া আৰু সোণালী গ্লিটাৰ আই শ্বেড’ ব্যৱহাৰ কৰক।আপোনাক অধিক আকৰ্ষণীয় কৰা লুকটোত মুখৰ ওখ অংশত অৱশ্যেই বিমিং হাইলাইটাৰো প্ৰয়োগ কৰক।