বৰ্তমান সময়ত এক জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব’ ‘মাষ্টাৰচেফ ইণ্ডিয়া’ই নতুন ছিজনৰ সৈতে খাদ্যৰ জগতখনৰ এক অনন্য আভাস দাঙি ধৰিবলৈ সাজু হৈছে। এই ৰন্ধন ৰিয়েলিটি শ্ব’টোৰ বাবে অধীৰ আগ্ৰেহেৰে ৰৈ থকা দেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শকে যেন নিৰ্বাচিত খাদ্যৰ বাবে আগ্ৰহেৰে বাট চাই আছে।
বহু প্ৰত্যাশিত এই মাষ্টাৰ চেফ প্ৰতিযোগিতাত এইবাৰ অংশগ্ৰহণ কৰিব অসমৰ কন্যা তথা নগাঁৱৰ বাসিন্দা কবি পৱন শৰ্মাৰ পত্নী শান্তা শৰ্মাই ৷ এই খবৰে নিশ্চয়কৈ আনন্দিত কৰিছে সমগ্ৰ নগাঁও বাসীৰ লগতে সমগ্ৰ অসম বাসীক । ‘মাষ্টাৰচেফ ইণ্ডিয়া’ হৈছে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ৰন্ধন প্ৰতিযোগিতাৰ জৰিয়তে সমগ্ৰ ভাৰতৰ শ্ৰেষ্ঠ ৰান্ধনীসকল প্ৰতিভা আৱিষ্কাৰ কৰা এক খাদ্য ৰিয়েলিটি শ্ব’।
শ্ব’টোৰ বিচাৰক হিচাপে থাকিব চেফ – ৰণবীৰ ব্ৰাৰ, গৰিমা অৰোৰা আৰু বিকাশ খান্না ৷ যি প্ৰতিযোগিতাত দেশৰ সকলো প্ৰান্তৰ পৰা যোগদান কৰা বিভিন্ন প্ৰতিযোগীৰ মাজৰ পৰা কোনোৱে হয়তো মাষ্টাৰচেফ ইণ্ডিয়াৰ বিখ্যাত খিতাপ লাভ কৰিব ।
কলকাতা, হায়দৰাবাদ আৰু মুম্বাইত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ অডিচনৰ পৰা নিৰ্বাচিত হোৱা কেইজনমান ভাগ্যৱান প্ৰতিযোগীয়ে এতিয়া প্ৰকৃত যুদ্ধক্ষেত্ৰ অৰ্থাৎ মাষ্টাৰচেফৰ পাকঘৰলৈ ৰাওনা হ’ব। শীৰ্ষ ১৬ৰ ভিতৰত স্থান লাভ কৰা এই প্ৰতিযোগীসকলে পাকঘৰৰ এপ্ৰ’ন পিন্ধি আগন্তুক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু প্ৰমাণ কৰিব যে তেওঁলোকৰ হাতত যাদু আছে । ২০২৩ চনৰ ২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই গৌৰৱময় যুদ্ধ ।