৭৫ সংখ্যক স্বাধীনতা দিৱসত মাতৃ-পুত্ৰৰ এখন ভাইৰেল ফটোয়ে এতিয়া দেশজুৰি লাভ কৰিছে ব্যাপক সঁহাৰি।পুত্ৰৰ সফলতাৰ খোজত মাতৃয়ে পুত্ৰক চেল্যুটেৰে অভিবাদন জনোৱাৰ লগতে পুত্ৰইও মাতৃৰ ত্যাগৰ সন্মান জনাই চেল্যুটেৰে অভিবাদন গ্ৰহণ কৰিছে।
সকলো মাতৃৰ হৃদয়ৰ কোণত লুকাই থাকে সন্তানৰ উজ্জল ভৱিষ্যতৰ সপোন।জন্ম হোৱা দিন ধৰি প্ৰতি মূহুৰ্তত এগৰাকী মাতৃৰ আনন্দ সন্তানটিৰ জীৱনৰ সৈতে জড়িত হৈ থাকে।কিমান আনন্দ পাব পাৰে যেতিয়া মাতৃ গৰাকীয়ে সন্তানক অভিবাদন জনাই চেল্যুট দিয়ে।
তেনে এখন ফটোৱে এতিয়া সকলো মাতৃকে আনন্দৰ চকুলো নিগৰাইছে।চ’ছিয়েল মিডিয়া টুইটাৰত ভাইৰেল হৈ পৰা এই ফটোখনত এগৰাকী এএচআই মাতৃয়ে চেল্যুট দি আছে নিজৰ এচপি পুত্ৰক।গৰ্ব আৰু স্বাভিমানত জিলিকি উঠিছে মাতৃ গৰাকীৰ মুখমণ্ডল।
অৱশ্যে এই ফটোখন চেয়াৰ কৰিছে গুজৰাট লোকসেৱা আয়োগৰ বিষয়া দিনেশ দাছাই।ফটোখন চেয়াৰ কৰি বিষয়াজনে লিখিছে যে ইয়াতকৈ সুখৰ মুহূৰ্ত আৰু কি হ’ব পাৰে যেতিয়া নিজৰ আই পি এচ পুত্ৰই বছৰ বছৰ যোৰা সাধনাৰ চিন স্বৰপে মাতৃক এনেদৰে চেল্যুট জনাই আছে।
গুজৰাটৰ আৰক্ষী বিভাগত এএচআই পদত চাকৰি কৰা এই ভাগ্যশালী মাতৃ গৰাকীৰ সদ্য এচপি পদত নিযুক্তি পোৱা পুত্ৰজন হৈছে বিশাল ৰাবাৰি।ফটোখন চেয়াৰ কৰা লোকসেৱা আয়োগৰ বিষয়া গৰাকীক ধন্যবাদ জনাই এচপি ৰাবাৰিয়ে কয় যে “ মাতৃৰ অবিহনে এই সফলতা অসম্ভৱ হ’লহেঁতেন।“
উল্লেখ যোগ্য যে বিশালৰ বন্ধু বৰ্গই চ’ছিয়েল মিডিয়াত এই ভাইৰেল ফটোখন দেখি আনন্দিত হৈ পৰাৰ লগতে বিভিন্ন মন্তব্যৰে বন্ধুজনক শুভেচ্ছা জনাইছে।