যোৱা সপ্তাহত ভাৰত বায়’টেকৰ নাকৰে লোৱা কভিড ভেকচিন ইনক’ভেক ব্যৱহাৰৰ ক্ষেত্ৰত কেন্দ্ৰই অনুমতি প্ৰদান কৰিছে ৷ আজি এই ভেকচিনৰ দাম প্ৰকাশ কৰা হৈছে । সংস্থাটোৱে জনোৱা মতে, এই প্ৰতিটো ভেকচিনৰ মূল্য হ’ব ৮০০ টকা। অৱশ্যে ব্যক্তিগত চিকিৎসালয়ত এই ভেকচিনৰ মূল্যত ৫ শতাংশ জি এছ টি সংযোজন কৰা হ’ব। ফলত জি এছ টিৰ সৈতে এই ভেকচিনৰ মূল্য হ’ব ৮৪০ টকা।
ভাৰত বায়’টেকে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৩২৫ টকাত এই ভেকচিন ক্ৰয় কৰিব পাৰিব। কোম্পানীটোৱে লগতে কয় যে অহা বছৰৰ জানুৱাৰী মাহৰ চতুৰ্থ সপ্তাহত এই ভেকচিন মুকলি কৰা হ’ব। ১৮ বছৰ আৰু তাৰ ওপৰৰ বয়সৰ লোকসকলে ইনক’ভেক ব্যৱহাৰ কৰিব পাৰি। এতিয়াৰে পৰা কো-উইন পৰ্টেলত টিকাকৰণৰ বাবে বুকিং কৰিব পাৰিব।
সংগঠনটোৰ কাৰ্যবাহী অধ্যক্ষ কৃষ্ণ এলাই কয় –“আমি যি লক্ষ্যৰে আগবাঢ়ি আহিছিলো সেয়া সফল হৈছে। ক’ভাক্সিনৰ পিছত আমি ইনকোভেকও প্ৰস্তুত কৰিলোঁ। এই ভেকচিন বুষ্টাৰ হিচাপে ব্যৱহাৰ কৰা হ’ব। “
ভাৰতৰ ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল (ডি চি জি আই)য়ে যোৱা নৱেম্বৰ মাহত এই ভেকচিনক জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনাইছিল। তাৰ পিছত কোৱা হৈছিল যে এই ভেকচিন ১৮ বছৰৰ ওপৰৰ লোকৰ বাবে বুষ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
যেতিয়া দেশত ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল তেতিয়াই ভাৰত বায়’টেকে নাকেৰে লোৱা ভেকচিন প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছিল । ভেকচিনৰ অনুমোদনৰ সন্দৰ্ভত নেশ্যনেল টেকনিকেল এডভাইজাৰী গ্ৰুপ অন ইমিউনাইজেশ্যন (এন টি এ জি আই)ৰ অধ্যক্ষ এন কে অৰোৰাই সংবাদ সংস্থা পি টি আইৰ আগত কয় যে এই ভেকচিন দেশত গৱেষণাৰ বিকাশৰ অন্যতম উদাহৰণ। কেৱল সেয়াই নহয়, এই ভেকচিন ব্যৱহাৰ কৰাটোও অতি সহজ।
পূৰ্বে ক’ভিশ্বিল্ড বা কোভেক্সিন গ্ৰহণ কৰা কিছুমান লোকৰ ক্ষেত্ৰত ইনকোভেকপৰীক্ষামূলকভাৱে বুষ্টাৰ ভেকচিন হিচাপে ব্যৱহাৰ কৰা হৈছে। ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ সহযোগত এই ভেকচিন প্ৰস্তুত কৰা হৈছে। কিন্তু ভেকচিন প্ৰস্তুত, সুৰক্ষা, পৰীক্ষামূলক প্ৰয়োগকে ধৰি অন প্ৰক্ৰিয়া ভাৰত বায়’টেকৰ দায়িত্বত আছিল।