ইংৰাজী নৱবৰ্ষক আদৰাৰ আপাহতে সকলো এতিয়া ব্যস্ত নিজৰ বন্ধুবৰ্গ নাইবা পৰিয়ালৰ সৈতে ৷ কোনোবা যদি গৈছে বিদেশ ভ্ৰমণত কোনোবা গৈছে আকৌ কাষৰীয়া ৰাজ্যখনলৈ ৷ আনহাতে কোনোৱে আকৌ ঘৰৰ কাষৰ পথাৰখনতে খাইছে আনন্দেৰে লগেভাগে এসাঁজ ৷ সকলোৰে আনন্দ মাত্ৰ ইয়াক উপভোগ কৰাৰ ধৰণ বোৰহে সুকীয়া ৷ অৱশ্যে ২০২২বৰ্ষক বিদায় দি ২০২৩ক আদৰিবলৈ সাজু হোৱাৰ সময়ছোৱাত বনভোজস্থলী সমূহো লোকে লোকাৰণ্য হৈ পৰিছে ৷ মাছে-মাংসই,নাচে-গানে উদ্বাউল এতিয়া সকলো ৷ সঁচকৈয়ে সুখী হ’বলৈ মানুহক ললাগে মাত্ৰ এটা অজুহাত ৷
অৱশ্যে এই বনভোজ খোৱাৰ আনন্দৰ মাজতো কিছু ব্যতিক্ৰমী চিন্তাৰে আনন্দ উদযাপন কৰিলে যোৰহাটৰ টীয়কৰ কবিসকলে ৷ সচৰাচৰ চলি থকা বনভোজ সমূহতকৈ কিছু পৃথকভাৱে তেওঁলোকে উদযাপন কৰিলে এটা দিন৷ পুৰণিক বিদায় জনাই নতুনক আদৰাৰ সময়ছোৱাত গীত-কবিতাৰে জীপাল হৈ উঠিল জাঁজীমুখ হাতীশালৰ বালিমাহীৰ বনভোজস্থলী৷
ব্ৰহ্মপুত্ৰ ,জাঁজী আৰু মৰিজাঁজীৰ ত্ৰিবেণী সংগমস্থলী জাঁজীমুখ হাতীশালৰ বালিমাহীৰ বনভোজস্থলী য’ত উদযাপন কৰা হয় টীয়ক শাখা কবি সন্মিলনৰ দ্বাৰা ‘উৎকৰ্ষ আৰু স্নেহভোজ’ শীৰ্ষক এক বিশেষ অনুষ্ঠান । শাখাৰ উপ সভাপতি কবি শ্ৰীযুত যতীন মিলিয়ে আঁতধৰা এই অনন্য সুন্দৰ অনুষ্ঠানত অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে কবি সন্মিলনৰ সভাপতি দেৱজিত হাজৰিকাই ৷ অনুষ্ঠানটিত মুখ্য অতিথিৰ একাষাৰ হিচাপে তেখেতৰ বহুমূলীয়া বক্তব্য প্ৰদান কৰে বিশিষ্ট সাহিত্য সমালোচক, গল্পকাৰ ড° মানিক শইকীয়াই । আনহাতে প্ৰাকৃতিক সৌন্দৰ্য -সুষমাৰে মহিমামণ্ডিত এই জাঁজীমুখ হাতীশালৰ অতীত আৰু বৰ্তমানৰ বিষয়ে বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ শিক্ষক ভৱকান্ত টাহুৱে । গীতিকাৰ ৰুণু বৰগোঁহাই, কবি স্বৰ্ণলতা বৰুৱা , অম্বিকা হাজৰিকাৰ সংগীতৰ মূৰ্চনা আৰু টীয়ক শাখা কবি সন্মিলনৰ সদস্যসকলৰ সমূহীয়া নৃত্যৰে মুখৰিত হৈ পৰে বনভোজস্থলী ।
উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক উজ্বল পাওগাম, অচ্যুত কুমাৰ বৰা, জিন্তু ফুকন, ধন দাস, হীৰেশ্বৰী কলিতা, গংগাধৰ কলিতা আৰু সুশীল নেওগ আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ শাখাৰ উপদেষ্টা ৰঞ্জন বৰা , সাধাৰণ সম্পাদক বিমান শইকীয়াকে ধৰি প্ৰায় তিনিকুৰি ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাত বিশিষ্ট কবি উজ্বল পাওগাম, ধন দাস, অচ্যুত কুমাৰ বৰা ,স্বপ্নালী গগৈ, ৰূপজ্যোতি শইকীয়া, ৰিচা কলিতা আদিয়ে কবিতা পাঠ কৰে । উপস্থিত শিশুসকলৰ মাজৰে দুজন শিশু ক্ৰমে শ্ৰীমান অভিজ্ঞান হাজৰিকা আৰু শ্ৰীমতী প্ৰজ্ঞাশ্ৰী হাজৰিকাই কবি আবৃত্তি কৰাৰ লগতে শ্ৰীমান প্ৰত্যুষ পল হাজৰিকাই সমৰ কলাৰ দুই-এক কৌশল প্ৰদৰ্শন কৰে । বিহু আৰু ঐনিতমৰ তালে তালে টীয়ক শাখা কবি সন্মিলনৰ সদস্য দাদু বৰা, অমৰজিত হাজৰিকা, ৰনজুমনি মিলি, চয়নিকা মিলি, প্ৰিয়ংকা দত্ত, অনামিকা কলিতা , সম্প্ৰীতি হাজৰিকা আদিকে ধৰি সকলোৰে সমূহীয়া নৃত্যই বনভোজস্থলীত উপস্থিত সকলোকে আকৰ্ষিত কৰে ।
অনুষ্ঠানটি সুচাৰুৰূপে অনুষ্ঠিত হৈ যোৱাত সেয়েহে সামাজিক মাধ্যম যোগে বিশেষভাৱে সহযোগ আগবঢ়োৱা শাখাৰ উপসভাপতি যতীন মিলি , সহকাৰী সাঃ সম্পাদক কবি ছৰিফুল হুচেইন ,সক্ৰিয় সদস্যা শ্ৰীযুতা স্বৰ্ণলতা বৰুৱা , ৰুপজ্যোতি শইকীয়া , দাদু বৰা , অমিয়া হাজৰিকা আদিকে ধৰি সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে শাখাৰ সভাপতি দেৱজিত হাজৰিকাই ।
ফেচবুক প’ষ্টটোৰ যোগেদি তেওঁ কয় যে বিভিন্ন স্থানৰ পৰা আহি বনভোজথলীত সমবেত হোৱা ব্যক্তিসকলেও টীয়ক শাখাৰ কবি সন্মিলনৰ এনে ব্যতিক্ৰমী প্ৰয়াসৰ একেমুখে শলাগ লয় ।