আজিৰ সময়ত বাইকৰ প্ৰতি আগ্ৰহী প্ৰতিজন ব্যক্তিয়েই হয়তো এই কথা জানে যে আজিৰ পৰা বহু বছৰ আগতেই বন্ধ হৈ গৈছিল ইয়ামাহা আৰ এক্স হাণ্ড্ৰেড নামৰ এই মটৰ চাইকেল খন । ইয়ামাহা আৰ এক্স হাণ্ড্ৰেড ( RX100) যি সেই সময়ত এটা নাম হৈ পৰিছিল ৷ তথাপি এই বাইকখন ভাৰতত বন্ধ কৰিবলগীয়া হৈছিল।কিন্তু ইয়ামাহা আৰ এক্স হাণ্ড্ৰেড ভালপোৱা সকলৰ বাবে এক সুখবৰ যে এই বিশেষ মটৰচাইকেল খনক আজিও কোম্পানীটোৱে পাহৰি যোৱা নাই আৰু এইবাৰ ইয়ামাহাই আৰ এক্স হাণ্ড্ৰেড ( RX100) ক নতুনকৈ সজাই পৰাই লোৱাৰ বাবে কাম ইতিমধ্যেই আৰম্ভ কৰিছে।
ইয়ামাহা ইণ্ডিয়াৰ অধ্যক্ষ ইশ্বিন চিহানাই প্ৰকাশ কৰা মতে অতি শীঘ্ৰেই আৰ এক্স হাণ্ড্ৰেড (RX 100) য়ে পুনৰ প্ৰত্যাৱৰ্তন কৰিব। সেয়েহে কোম্পানীটোৱে ইচ্ছাকৃতভাৱেই আৰ এক্স হাণ্ড্ৰেড ( RX100) নামটো এতিয়ালৈকে আন কোনো বাইকৰ সৈতে সংলগ্ন কৰা নাছিল কাৰণ কোম্পানীয়ে মটৰচাইকেল খন ঘূৰাই অনাৰ পৰিকল্পনা কৰিছিল। কিন্তু এই কথাও অতি স্পষ্ট যে বি এছ ৬ পৰ্যায় ২ (BS6 Phase 2) নিৰ্গমন নীতিৰ বাবে কোম্পানীটোৱে অ’জি আৰ এক্স১০০ৰ ২ ষ্ট্ৰ’ক ইঞ্জিন ঘূৰাই আনিব নোৱাৰে । শেহতীয়াকৈ প্ৰকাশ পোৱা সংবাদ মাধ্যমৰ এক বাতৰি অনুসৰি ইয়ামাহাই নতুন আৰ এক্স ১০০ ( RX100) ৰ বাবে এটা ডাঙৰ ইঞ্জিনৰ কথা চিন্তা কৰিছে।
ইয়ামাহা ইণ্ডিয়াৰ অধ্যক্ষগৰাকীয়ে কয় যে আৰ এক্স ১০০ (RX100) ৰ ডিজাইন, শব্দ আৰু পৰিবেশনৰ বাবে ভাৰতীয়ৰ মাজত ই অতি জনপ্ৰিয়। আগন্তুক ইয়ামাহা আৰ এক্স ১০০ (RX100) ত ১০০চিচি (100cc) ইঞ্জিন নহয় বৰঞ্চ ডাঙৰ ইঞ্জিন লগোৱা হ’ব। অৱশ্যে ইয়াত কোনটো ইঞ্জিন লগোৱা হ’ব পাৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
বৰ্তমান ইয়ামাহাৰ স্কুটাৰ ৰেঞ্জত ১২৫ চিচি ইঞ্জিন আছে। ইয়াৰ উপৰিও ইয়াত আছে ১৫০ চিচি আৰু ২৫০ চিচি ইঞ্জিন। ইয়াৰে যিকোনো এটা ইঞ্জিনহে ব্যৱহাৰ কৰিব পাৰি। আশা কৰা হৈছে যে মটৰচাইকেলখনত ১২৫ চিচি ইঞ্জিন বা ১৫০ চিচি ইঞ্জিন ব্যৱহাৰ কৰা হ’ব। কিন্তু যদি কোম্পানীটোৱে আৰ এক্সৰ আইকনিক নামেৰে ৰয়েল এনফিল্ডক লক্ষ্য কৰি ল’ব বিচাৰে, তেন্তে ই ২৫০চিচি ইঞ্জিনটোও ব্যৱহাৰ কৰিব পাৰে, যাতে ই ৰয়েল এনফিল্ডৰ ৩৫০চিচি ৰেঞ্জৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰে। কাৰণ ৰয়েল এনফিল্ডৰ তুলনাত পূৰ্বতে আৰ এক্স ১০০ (RX100) বাইকখনে অধিক লোকক আকৰ্ষণ কৰিছিল। অৱশ্যে মটৰচাইকেলখন উন্মোচনৰ বাবে এতিয়াও কিছু সময় আছে ৷ তেওঁলোকে জানিবলৈ দিয়া মতে ২০২৬ চনৰ ভিতৰত এই নতুন মটৰচাইকেলখন মুকলি কৰিব পাৰিব।