প্ৰতিদিনে ঘৰৰ খাদ্য খাই আমি সকলোৱে আমনি পাও ৷ যাৰ বাবে কেতিয়াবা মুখৰ সোৱাদ সলনি কৰিবলৈ ৰেষ্টুৰেণ্টৰ খাদ্যৰ সোৱাদ ল’বলৈ মন যায় ৷ এই কাৰণেই আমি প্ৰায় সকলোৱেই কোনোবা নহয় কোনোবা সময়ত নিজৰ প্ৰিয় ৰেষ্টুৰেণ্টবোৰলৈ যাওঁ। কোনখন ৰেষ্টুৰেণ্ট ভাল, ক’ত খাদ্য সৰ্বোত্তম সেই সম্পৰ্কে খাদ্যপ্ৰেমীসকলৰ মাজত খবৰ ৰখাটো স্বাভাৱিক কথা ৷ এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক লৈ যাম পৃথিৱীৰ অন্যতম দামী ৰেষ্টুৰেণ্টলৈ, য’ত খাদ্যৰ দাম আৰু ব্যৱস্থপনাই আপোনাৰ চকু কপালত তুলিব।
সাগৰৰ তলত বহি প্ৰিয় খাদ্য খাবলৈ মন আছে নেকি ? য’ৰ পৰা আপুনি প্ৰত্যক্ষ কৰিব পাৰিব সাগৰ তলীত বিচৰণ কৰি থকা জীৱ-জন্তু ৷ সাধুকথাৰ দৰে লগা এনে পৰিৱেশৰ মাজত আপুনিও সেই অভিজ্ঞতা লাভ কৰিব পাৰে। তাৰ বাবে অপুনি মালদ্বীপলৈ যাব লাগিব। য’ত সাগৰৰ তলত নির্মাণ কৰা হৈছে ৰেষ্টুৰেণ্ট । নাম ‘ইথা আন্দৰচি’ ৰেষ্টুৰেণ্ট। ই মালদ্বীপৰ ৰঙালী দ্বীপত অৱস্থিত। সাগৰৰ পৰা ৫ মিটাৰ তলত বহি আপোনাৰ প্ৰিয় খাদ্য খাই সাগৰ তলীৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰে। ৰেষ্টুৰেণ্টখনত ১৪ জন লোকে একেলগে বহি খাব পাৰিব। অৱশ্যে এই ৰেষ্টুৰেণ্টত খাবলৈ খৰচৰ পৰিমাণ যথেষ্ট বেছি ৷ইয়াতে খাদ্য গ্ৰহণ কৰিলে জনমূৰি খৰচ প্ৰায় ২৬ হাজাৰ টকা।
পৃথিৱীৰ আন এখন দামী ৰেষ্টুৰেণ্ট আছে টকিঅ’ত। ইয়াৰ নাম ‘কিচো আৰাছিয়ামা’। ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ অংশই চকু কপালত তুলিব। ৰেষ্টুৰেণ্টখনৰ ভিতৰত বাৰী এখনো আছে। ইয়াতো আপুনি সুস্বাদু খাদ্যৰ সোৱাদ ল’ব পাৰে। কিন্তু ইয়াতো খৰচ যথেষ্ট বেছি। প্ৰতিজনৰ বাবে ব্যয় হ’ব ৩১ হাজাৰৰ পৰা ৪৭ হাজাৰ টকা।
বিভিন্ন ধৰণৰ মাংস খাব বিচাৰে নেকি? ইয়াৰ বাবে যাব পাৰে পেৰিছৰ ‘গাই চেভয়’ ৰেষ্টুৰেণ্টলৈ ৷ এই ৰেষ্টুৰেণ্টত হাঁহ, কপৌকে ধৰি বিভিন্ন ধৰণৰ মাংস পোৱা যায়। ইয়াৰ বাবে জনমূৰি খৰচ হ’ব ৩১ হাজাৰৰ পৰা ৫১ হাজাৰ টকালৈ ৷
চুইজাৰলেণ্ডৰ ডেল হোটেল দি ভাইল ৰেষ্টুৰেণ্টত আপুনি ১১ ধৰণৰ খাদ্য গ্ৰহণ কৰিব পাৰে। লগতে ১৪ ধৰণৰ ৱাইনৰ সোৱাদ লোৱাৰ সুযোগ। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ৰেষ্টুৰেণ্টৰ ভাইলত ব্যয় হ’ব প্ৰায় ৩৪ হাজাৰ টকা।
আপুনি খাদ্যৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰেনে? বিভিন্ন ধৰণৰ খাদ্য চেষ্টা কৰি ভাল পায় নেকি? তেতিয়া আপোনাৰ বাবে সৰ্বোত্তম ৰেষ্টুৰেণ্ট হ’ল পেৰিছৰ মাইছন পিক ভালেন্স ‘৷ এই ৰেষ্টুৰেণ্টখনৰ মূল্য প্ৰতিজনৰ বাবে প্ৰায় ৩৬ হাজাৰ টকা ব্যয় হয় ।
পৃথিৱীৰ আন এখন দামী ৰেষ্টুৰেণ্ট হৈছে নিউয়ৰ্কৰ মাছা। যদি আপুনি চুচি ভাল পায় তেন্তে এই ৰেষ্টুৰেণ্টখন এবাৰ চেষ্টা কৰিব পাৰে। কোৱা হয় যে পৃথিৱীৰ শ্ৰেষ্ঠ চুচি এই ৰেষ্টুৰেণ্টতে তৈয়াৰ কৰা হয়। ইয়াত জনমূৰি খৰচ প্ৰায় ৪৯ হাজাৰ টকা।
চীনৰ চাংহাইৰ ‘আল্ট্ৰাভায়োলেট’ ৰেষ্টুৰেণ্টখনো যথেষ্ট বিলাসী। ইয়াত আপুনি ১০ৰ পৰা ১২টা ভিন্ন খাদ্য চেষ্টা কৰিব পাৰে। পানীয় বাদ দিলে এই ৰেষ্টুৰেণ্টখনৰ মূল্য প্ৰতিজনৰ বাবে প্ৰায় ৪৭ হাজাৰৰ পৰা ৭৪ হাজাৰ টকা।
পৃথিৱীৰ অন্যতম বিলাসী আৰু দামী ৰেষ্টুৰেণ্ট হৈছে ‘পাৰ ছে’। এই ৰেষ্টুৰেণ্টখন নিউয়ৰ্কত। ইয়াত বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য উপলব্ধ।
এই ৰেষ্টুৰেণ্টখনত বিভিন্ন ধৰণৰ নিৰামিষ খাদ্যও আছে। ইয়াত ফৰাচী আৰু আমেৰিকান ৰেষ্টুৰেণ্টো উপলব্ধ। এই ৰেষ্টুৰেণ্টখনৰ মূল্য প্ৰতিজন ব্যক্তিৰ বাবে প্ৰায় ৫৬ হাজাৰ টকা। ৰেষ্টুৰেণ্টখনত ১৯খন টেবুল আছে। বিভিন্ন ধৰণৰ ৱাইনও উপলব্ধ।
স্পেইনৰ ‘ছাবলিমেচন’ এতিয়ালৈকে আগবঢ়োৱা ৰেষ্টুৰেণ্টৰ পৰা একেবাৰে পৃথক। এইখনেই হৈছে পৃথিৱীৰ আটাইতকৈ দামী ৰেষ্টুৰেণ্ট। যিখন স্পেইনৰ ইবিজাত। ইয়াত খাদ্য গ্ৰহণ কৰিলে জনমূৰি খৰচ হ’ব প্ৰায় ১ লাখ ৯৬ হাজাৰ টকা। এই ৰেষ্টুৰেণ্টখনত ২০ ধৰণৰ খাদ্য চেষ্টা কৰাৰ সুযোগ লাভ কৰিব । স্পেইনত গ্ৰীষ্মকালত কেইমাহমানৰ বাবে খোলা থাকে এই ৰেষ্টুৰেণ্টখন। ১ জুনৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে খোলা থাকে ৰেষ্টুৰেণ্টখন । প্ৰায় ২৫ জন চেফে আপোনাক ২০ টা ভিন্ন খাদ্য পৰিবেশন কৰাৰ সুযোগ দিব আপোনাক ৷ মনোৰম পৰিৱেশত সুস্বাদু খাদ্যৰ সোৱাদ লোৱাৰ বাবে এই ৰেষ্টুৰেণ্টখনেই হৈছে সৰ্বোত্তম ঠিকনা।