শেহতীয়াকৈ প্ৰকাশ পালে মৰিগাঁও জিলাৰ উপায়ুক্ত, মুম্বাই অসম ভৱনৰ ৰেচিডেণ্ট কমিছনাৰ,দ্বীপশিখা কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ প্ৰতিষ্ঠাতা ,এগৰাকী গায়ক,গীটাৰিষ্ট্ তথা লিখক দেৱাশীষ শৰ্মাৰ এখন নতুন কিতাপ ‘সপোনৰ ওডিছী’৷ কিতাপখনৰ প্ৰকাশকৰ দায়িত্বত আছে ‘অসমীয়া ভাষা আৰু ছফটৱেৰ বিকাশ কেন্দ্ৰৰ’ স্বত্বাধিকাৰ ‘অনিল বৰুৱা’ ৷
‘সপোনৰ ওডিছী’ কিতাপখন আৰু মানৱদৰদী লিখক দেৱাশীষ শৰ্মাৰ বিষয়ে সবিশেষ ব্যক্ত কৰি সামাজিক মাধ্যম ফেচবুকৰ ‘পাপু লেফ্টিবেচ অফিচিয়েল’ নামৰ এটা পে’জত সুন্দৰকৈ এটা পোষ্ট আপডে’ট কৰা হৈছে ৷ প’ষ্টটোৰ যোগেদি কোৱা হৈছে যে কেতিয়াবা শ্মশানত চকুপানী টুকি থকা কাৰোবাৰ ওচৰত ‘ৰুমাল’ হৈ থিয় দি ৰোৱা ‘শ্মশান বন্ধু’,অসুখীয়া কাৰোবাৰ বিচনাৰ ওচৰত বহি থকা এজন ‘ব্লাড ড’নাৰ’,ৰোগীয়ে গাড়ীত বমি কৰোতে আনকি আত্মীয়ই পৰিস্কাৰ কৰিবলৈ দ্বিধাবোধ কৰি থাকোতেই নিৰ্বিবাদে নিজৰ হাতেৰে গাড়ী পৰিস্কাৰ কৰা এজন ‘ক্লিনাৰ, চালক ছুটিত থাকিলে পেছেণ্টক নিজেই গাড়ী চলাই হস্পিতাললৈ লৈ যোৱা ‘এম্বুলেঞ্চ চালক’,আনকি ড্ৰাইভাৰৰ অভাৱৰ বাবে মৃতদেহ সময়মতে পৰিয়ালৰ ওচৰত উপস্থিত কৰোৱাৰ জিম্মা নিজৰ হাতত লোৱা এজন ‘ডেড্বডী কঢ়িওৱা ভেনৰ’ ‘চালক’ এই গৰাকী লিখক ৷ কিন্তু কেতিয়াবা যদি তেওঁক লগ পালে এইবোৰ কথা সোধা হয় বিনয়ী হাঁহি এটাৰে তেওঁ কথা আনফালে ঢাল খুৱায় ৷
প’ষ্টটোত পুনৰ কোৱা হয় যে এই অদ্ভূত মানুহজনে লক্ডাউনৰ সময়ত মুম্বাইৰ কেঞ্চাৰ হস্পিতালবোৰ বন্ধ হৈ যোৱাৰ বাবে ভাৰতবৰ্ষৰ বাকী সকলো পেছেণ্ট আগতীয়াকৈ ঘৰলৈ ঘূৰি যোৱাৰ পাছতো আমাৰ অসমীয়া মানুহখিনিক ‘অসম ভৱনতে’ থাকিবলৈ দিছিল আৰু সেই ভয়াৱহ লকডাউনৰ সময়ত যাতায়ত সম্পূৰ্ণ বন্ধ হৈ যোৱাৰ পাছতো তেওঁ ছয়খন বাছ লৈ সকলোকে মুম্বাইৰ পৰা অসমত সুকলমে থৈ আহিছিল..! আৰু ইয়াকে কৰিবলৈ কমিছনাৰজন নিজৰ অফিচৰ পকাতে শুইছিল সেই কেইদিন ৷ কাৰণ সৰ্বনাশী ‘কোৱাৰেণ্টাইন’!
এই সকলো খিনি কথা ব্যক্ত কৰি ‘পাপু লেফ্টিবেচ অফিচিয়েল’পে’জ’ টোৰ এই প’ষ্টটোৰ লিখক তথা প্ৰশাসক গৰাকীয়ে কয় যে এই বিষয়ে তেওঁ আৰু একো নিলিখে কাৰণ এই ঘটনাকে দেৱাশীষ শৰ্মাই ‘সপোনৰ ওডিছী’ নামৰ কিতাপখনত নিজেই লিখি উলিয়াইছে। প্ৰকাশ কৰিছে ‘অসমীয়া ভাষা আৰু ছফটৱেৰ বিকাশ কেন্দ্ৰৰ’ স্বত্বাধিকাৰ ‘অনিল বৰুৱা’ই। সেয়েহে তেওঁ সকলোকে কিতাপখন কিনিবলৈ আৰু পঢ়িবলৈ অনুৰোধ জনাই ৷ তেওঁৰ বিশ্বাস যে কিতাপখনৰ যোগেদি ৰাইজে এজন ‘দেৱদূতক’ জানিব পাৰিব। তেওঁৰ মতে কিতাপখন ঘৰত ৰাখিলেও হয়তো এখন ধৰ্ম্মগ্ৰন্থ ৰখাৰ দৰেই হ’ব ৷
আচৰিত যেন লাগিলেও সঁচা যে কেতিয়াবা আমাৰ সমাজৰ কিছুমান মানুহৰ কিছুমান কামে আমাক এই কথা ভাবিবলৈ বাধ্য কৰে যে বহু দায়িত্ব কিম্বা ব্যস্ততাৰ মাজতো মানুহে কৰিম বুলি ভবা কামটো নিশ্চয় কৰিব পাৰে ৷ তাৰেই এক জলন্ত উদাহৰণ বৰ্তমান মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা ৷ শেহতীয়াকৈ প্ৰকাশিত হোৱা তেওঁৰ কিতাপ ‘সপোনৰ ওডিছী’য়ে সঁচাকৈয়ে আশ্চৰ্য্যচকিত কৰিছে সকলোকে ৷ ইমান ব্যস্ততাপূৰ্ণ কামৰ মাজতো নিজৰ এই গধূৰ দায়িত্ব নিয়াৰিকৈ পালন কৰি ,সময়ত আৰ্তজনৰ ওচৰত থিয় হোৱা এইগৰাকী মানৱদৰদী বিষয়া সঁচাকৈয়ে বহুজনৰ বাবে এক আদৰ্শ ৷