আজি আধুনিক ভাৰতীয় মহাকাশ বিজ্ঞানৰ বাটকটীয়া বিক্ৰম চাৰাভাইৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নামটো বিক্ৰম অম্বালাল চাৰাভাই । ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰাটো তেওঁৰ এক যুগমীয়া কৃতিত্ব । ১৯৪৭ চনৰ ১১ নৱেম্বৰত তেওঁ আহমেদাবাদত এম জি বিজ্ঞান প্ৰতিষ্ঠান নামেৰে তেওঁৰ ভৌতিক গৱেষণাগাৰক প্ৰতিষ্ঠা কৰে । তেওঁ অপাৰেচন ৰিছাৰ্চ গ্ৰুপ নামে দেশৰ প্ৰথমটো বজাৰ গৱেষণা সংস্থাৰ জন্ম দিয়ে । তদুপৰি হায়দৰাবাদৰ ইলেকট্ৰনিক্স কৰ্পৰেচন অব ইণ্ডিয়া লিমিটেড, ঝাৰখণ্ডৰ ইউৰেনিয়াম কৰ্পৰেচন অব ইণ্ডিয়া লিমিটেড আদি অনেক সংস্থাৰ তেওঁ জন্ম দিয়ে । ভাৰত চৰকাৰে তেওঁক ১৯৬৬ চনত পদ্মভূষণ আৰু ১৯৭২ চনত মৰণোত্তৰভাৱে পদ্মবিভূষণ সন্মান প্ৰদান কৰে । ১৯৭১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । বিজ্ঞানীগৰাকীলৈ আমাৰ প্ৰণাম ।