তাৰকাপ্ৰীতি বা তাৰকাসকলৰ প্ৰতি আগ্ৰহত গুণমুগ্ধৰ আজৱ কাণ্ডৰ খবৰে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হয়। কেতিয়াবা এই প্ৰীতিয়ে টকা-পইচাৰ সাধাৰণ ধাৰণা অতিক্ৰম কৰে।
এনে এক অদ্ভূত কাৰ্যই এতিয়া সাধাৰণ মানুহৰ চকু কপালত তুলিছে। আপুনিও হয়তো শুনি আচৰিত হ’ব, যি সময়ত ক’ভিড আক্ৰান্ত ভাৰতত খাদ্যৰ অভাৱত মানুহে আত্মহত্যাৰ পথ বাছি লৈছে তেনে পৰিস্থিতিত এইখন পৃথিৱীতে ফুটবলৰ বিশ্ববিখ্যাত তাৰকা লিঅ’নেল মেছীৰ চকুপানী মোচা এখন টিছুৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ১ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় ৭ কোটি ৪৪ লাখ টকা।
স্পেনিছ সংবাদ মাধ্যমত প্রকাশ পোৱা খবৰ অনুসৰি এগৰাকী ব্যক্তিয়ে মেছিৰ চকুপানী মচা এখন টিছু পেপাৰ বিক্রীৰ বাবে আন্তঃৰাষ্ট্রীয় নিলাম ৱেবছাইটত জাননী দিছে। যিয়ে তেওঁক এই বৃহৎ পৰিমাণৰ ধন ১ মিলিয়ন ডলাৰ আদায় দিব তেওঁকেই টিছু পেপাৰখন অর্পণ কৰিব৷
উল্লেখ্য যে মেছিয়ে শেহতীয়াকৈ বার্চিলোনা ক্লাৱৰ সৈতে ২১ বছৰীয়া সম্পর্ক ত্যাগ কৰি ফুটবল ক্লাব পেৰিছ ছেইণ্ট জার্মেইনৰ বাবে চুক্তিবদ্ধ হৈছে৷ মাত্র ১৩ বছৰ বয়সত তেওঁ বার্চিলোনাৰ জুনিয়ৰ দলত অন্তর্ভূক্ত হৈছিল গতিকে স্বাভাৱিকভাৱেই ক্লাবটোৰ সৈতে তেখেতৰ এক এৰাব নোৱাৰা আবেগিক সম্পৰ্ক গঢ় লৈ উঠিছিল।
বার্চিলোনাৰ হৈ উপস্থিত থকা অন্তিমখন সংবাদ মেলত আৱেগ নিয়ন্ত্রণ কৰিব নোৱাৰি মেছি কান্দোনত ভাঙি পৰিছিল। তাৰকাগৰাকীৰ চকুপানী মচিবলৈ সেই সময়ত কাষতে থকা পত্নী এণ্ট’নেলা ৰোকুজ্জোই তেওঁলৈ এখন টিছু পেপাৰ আগবঢ়াই দিছিল। মেছিৰ আবেগৰ সাক্ষী এই টিছু পেপাৰখন বিক্রী কৰিয়েই ১ মিলিয়ন ডলাৰ উপার্জনৰ লক্ষ্য লৈছে এইগৰাকী ব্যক্তিয়ে৷
তেখেতে দাবী কৰা অনুসৰি এই টিছু পেপাৰত বিৰল প্রতিভাৱান মেছিৰ জিন আছে আৰু এই জিনৰ জৰিয়তে ক্ল’ন তৈয়াৰ কৰি বার্চিলোনাই মেছিৰ সমতুল্য আন এগৰাকী দক্ষ ফুটবলাৰ সৃষ্টি কৰিব পাৰিব৷
অৱশ্যে বহুতে দাবীটোৰ সত্যতা সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছে।