গুৱাহাটীঃ চানমাৰিত অনুষ্ঠিত অসম গ্ৰন্থমেলাত উন্মোচন হ’ল অসমীয়া ভাষাৰ প্ৰথম থিমেটিক গল্প সংকলন পংকজ কুমাৰ দত্তৰ লাঙাদেও। বড়ো, ৰাভা, হাজং, চিংফৌ, কোচ ৰাজবংশী, টাংছা, কুকি মিজো চিন, গাৰো, মিছিং আদি সমাজৰ পটভূমিত অসমীয়া ভাষাত লিখিত ৮ টা গল্প সংকলিত হোৱা এই কিতাপখনৰ উন্মোচন কৰিলে বিশিষ্ট সাহিত্যিক ড০ ধ্ৰুৱজ্যোতি বৰা, গৰীয়সীৰ সম্পাদক ড০ ৰীতা চৌধুৰী, প্ৰসিদ্ধ শিল্পী বীৰেণ সিংহ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সম্পাদক প্ৰধান কমলাকান্ত মুছাহাৰী, হাজং সাহিত্য সভাৰ উপ সভাপতি ৰতন কুমাৰ ৰায় হাজঙ আৰু ইছমাইল হুছেইনে।
গ্ৰন্থমেলাথলীত প্ৰকাশন গোষ্ঠী ৰীডছ ফেক্টৰীৰ বিপণীত উন্মোচন কৰা হ’ল কিতাপখন। জনগোষ্ঠীয় পটভূমিত লৈ ৰচিত গল্পৰ এই সংকলনখন অসমীয়া ভাষাত থিমেটিক সংকলনৰ প্ৰথম প্ৰয়াস বুলি মন্তব্য কৰিলে ড০ ধ্ৰুৱজ্যোতি বৰাই। জনগোষ্ঠীয় জীৱন কাহিনীৰ ভাণ্ডাৰ বুলি মন্তব্য কৰিলে শিল্পী বীৰেণ সিংহই। কমলাকান্ত মুছাহাৰী ৰতন ৰায় হাজঙ, ইছমাইল হুছেইনে পংকজ কুমাৰ দত্তৰ গল্পশৈলী আৰু জনজাতীয় জীৱন অংকনত পাৰদৰ্শিতাক প্ৰশংসা কৰে।