আজি বিশিষ্ট সাহিত্যিক, সমালোচক আনন্দ চন্দ্ৰ বৰুৱাৰ ওপজা দিন । ১৯০৭ চনৰ আজিৰ দিনটোতে মৰাণৰ খুমতাই বাগিচাত তেওঁৰ জন্ম হৈছিল । তেওঁ ‘বকুল বনৰ কবি’ হিচাপে খ্যাত । সাংবাদিক হিচাপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল । ‘সাদিনীয়া অসমীয়া’ত তেওঁ সহকাৰী সম্পাদক হিচাপে যোগদান কৰিছিল । নীলমণি ফুকন সম্পাদিত ‘বাতৰি’তো সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তাৰ মাজতে কিছুদিন শিক্ষকতাও কৰিছিল । ১৯৪৩ চনত তেওঁ ভাৰতীয় বিমান বাহিনীত যোগদান কৰে । ১৯৪৭ চনত যোৰহাটৰ আইটিআইত কেৰাণী হিচাপে যোগদান কৰি তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে । তেওঁৰ প্ৰথম কবিতাটি ‘বাঁহী’ আলোচনীত প্ৰকাশ পাইছিল । পৰাগ, হাফিজৰ সুৰ, বকুলবনৰ কবিতা, কমতা কুঁৱৰী আদি তেওঁৰ প্ৰকাশিত গ্ৰন্থ । ১৯৬৯ চনত বৰপেটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৭০ চনত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ সন্মান প্ৰদান কৰে । ১৯৭৭ চনত বকুলবনৰ কবিতাৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।