সংগীত এনে এক মহৌষধ যি মানুহৰ শাৰিৰীক তথা মানসিক বহু ৰোগেই নাইকিয়া কৰিব পাৰে ৷ বিশেষকৈ মানসিক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সংগীতৰ ভূমিকা অপৰিসীম ৷ কিন্তু শেহতীয়াকৈ দ্য হেলথ চাইটত প্ৰকাশ পোৱা লংজাম দিনেশ্বৰীৰ এক প্ৰতিবেদন অনুসৰি হৃদৰোগৰ ক্ষেত্ৰতো সংগীতৰ আছে এক গুৰুত্বপূৰ্ণ ভূমিকা ৷ কিয়নো হৃদৰোগ নাইবা ষ্ট্ৰোক হোৱা ৰোগীৰ মানসিক -শাৰিৰীক আৰু যোগাযোগ বিচিন্নতা দূৰ কৰিবলৈ সংগীত হ’ব পাৰে এক মহৌষধ ৷
বিশ্বজুৰি সৰ্বাধিক মৃত্যুৰ কাৰণ হ’ল হৃদযন্ত্ৰৰ ৰোগ ৷ মূলতঃ ইস্কেমিক হৃদৰোগ আৰু ষ্ট্ৰোকৰ বাবে প্ৰতিদিনেই বহু লোকৰ মৃত্যু হয় । ষ্ট্ৰোকক ব্ৰেইন এটেক বুলিও কোৱা হয় ৷ তেজ জমা হোৱা বা ফাটি যোৱাৰ বাবে যেতিয়া মগজুলৈ তেজৰ সোঁত বন্ধ হৈ যায় তেতিয়াই এই ষ্ট্ৰোক হয় । ষ্ট্ৰোকৰ ফলত কেৱল মৃত্যু হোৱাই নহয়, ইয়াৰ ফলত জীৱিতসকলক পক্ষাঘাতগ্ৰস্ত কৰি পেলোৱাৰ লগতে তেওঁলোকৰ যোগাযোগৰ ক্ষমতাতো যথেষ্ট প্ৰভাৱ পৰে।গুৰুত্বপূৰ্ণ কথা যে এই ষ্ট্ৰোকৰ পৰা ৰক্ষা পোৱা প্ৰায় ৪০ শতাংশ লোকে ‘এফাছিয়া’ নামৰ এক যোগাযোগ বিকাৰৰ সন্মুখীন হয় যিয়ে তেওঁলোকৰ বাক্য, লিখা আৰু কথিত বা লিখিত ভাষা বুজি পোৱা বা সৃষ্টি কৰাৰ ক্ষমতাতো প্ৰভাৱ পেলায়।এই ষ্ট্ৰোকৰ পৰা ৰক্ষা পোৱা আধা সংখ্যকৰ ক্ষেত্ৰতেই ষ্ট্ৰোকৰ পিছত এবছৰলৈকে এই ভাষাৰ অক্ষমতা থাকে, যাৰ ফলত তেওঁলোকৰ জীৱনৰ মানদণ্ডত প্ৰভাৱ পৰে আৰু আনকি সামাজিক বিচ্ছিন্নতাও দেখা দিয়ে।এই প্ৰতিবেদন অনুসৰি এই ষ্ট্ৰোকৰ পৰা ৰক্ষা পোৱা লোকসকলৰ ভাষাৰ কাৰ্য্যক্ষমতা আৰু মানসিক-সামাজিক সুস্থতা উন্নত কৰাত সহায় কৰিবলৈ সংগীত সহায়ক হ’ব পাৰে বুলি জানিবলৈ দিছে হেলচিংকি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ।পোষ্ট ডক্টৰেট গৱেষক চিনি-টুলি চিপনকোস্কিকে ধৰি গৱেষণা দলটোৱে জনোৱা মতে, কেৱল সাংগীতিক পুনৰ্বাসনে এই ৰোগীসকলক বহুখিনি উপকৃত কৰিব পাৰে ৷ আনহাতে তেওঁলোকৰ পৰিয়ালৰ যত্ন লোৱা লোকসকলকো উপকৃত কৰিব পাৰে দলীয় সাংগীতিক পুনৰ্বাসনে ।
গৱেষক ড০আনি পিক নিমি (Anni Pitk niemi)ৰ মতে, তেওঁলোকে এফাছিয়া বিকাৰগ্ৰস্ত লোকসকলক চিকিৎসা কৰাৰ সময়ত কেৰল গায়ন, মেলোডিক ইনট’নেচন থেৰাপী, গায়ন প্ৰশিক্ষণ আদিৰ দৰে বিভিন্ন ধৰণৰ সাংগীতিক উপাদান ব্যৱহাৰ কৰে। যাৰ পৰিচালনা কৰে এজন প্ৰশিক্ষিত সংগীত চিকিৎসক আৰু এজন প্ৰশিক্ষিত কয়েৰ (choir) পৰিচালকে।সাধাৰণতে এফাছিয়া চিকিৎসাৰ সময়ত মেল’ডিক ইনট’নেচন থেৰাপী ব্যক্তিগত থেৰাপী হিচাপে ব্যৱহাৰ কৰা হয়। ই ৰোগী গৰাকীক গায়কীৰ পৰা বাক্য উৎপাদনৰ দিশত আগবাঢ়ি যাবলৈ প্ৰশিক্ষণ দিয়া হয় । হেলচিংকি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে মত প্ৰকাশ কৰিছে যে দলীয় সাংগীতিক পুনৰ্বাসন স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এফাছিয়াগ্ৰস্ত লোকৰ চিকিৎসাৰ এক অংশ হ’ব লাগে।
উল্লেখযোগ্য যে বৰ্তমান সময়ত উচ্চ ৰক্তচাপক ষ্ট্ৰোকৰ আটাইতকৈ ডাঙৰ কাৰণ বুলি বুজা যায়। অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপৰ ফলত আপোনাৰ মগজুৰ ৰক্তবাহী নলী ফাটি যাব পাৰে, যাক হেমৰ হেজিক ষ্ট্ৰ’ক ( Hemorrhagic stroke) বুলি জনা যায়। যদি আপোনাৰ ৰক্তচাপ ধাৰাবাহিকভাৱে ১৩০/৮০ মিলিমিটাৰ পাৰাপাৰচেণ্ট বা তাতকৈ বেছি হয়, তেন্তে চিকিৎসকৰ সৈতে কথা পতা অত্যন্ত জৰুৰী।
ধূমপান,ধঁপাতজাতীয় সামগ্ৰী ব্যৱহাৰে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। আনহাতে ধঁপাতত থকা নিকোটিনে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। ধূমপানৰ ফলত ধমনী বেৰত চৰ্বিযুক্ত পদাৰ্থ জমা হ’ব পাৰে। ইফালে চিগাৰেটৰ ধোঁৱাত থকা ৰাসায়নিক পদাৰ্থই তেজ ঘন কৰি তেজ গোট মৰাব পাৰে। অতিৰিক্ত ওজনৰ বাবেও ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা অধিক হ’ব পাৰে। বয়স বঢ়াৰ লগে লগে মানুহৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ডায়েবেটিছ আৰু হৃদৰোগ, অনিয়মিত হৃদস্পন্দন আদিয়েও এজন ৰোগীৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে । ইয়াৰ উপৰিও কিছুমান বিশেষ ঔষধ যেনে তেজ পাতল কৰা ঔষধ, হৰম’ন থেৰাপী, জন্ম নিয়ন্ত্ৰণ বড়িৰ ব্যৱহাৰ আদিয়েও ষ্ট্ৰোকৰ সম্ভাৱনা অধিক কৰি তোলে ।
গতিকে সদায় সাৱধান হওঁক আৰু এই ভয়াবহ ৰোগৰ পৰা নিজকে আতৰাই ৰাখক ৷