২০২৩ চনলৈ মাত্ৰ কেইঘণ্টামান বাকী থকাৰ সময়তে নতুন বছৰক আদৰিবলৈ সাজু হৈছে সমগ্ৰ দেশবাসী । প্ৰতি বছৰেই সকলো মানুহে একত্ৰিত হৈ নতুন বছৰক আনন্দেৰে আদৰি লয়। কিন্তু এনেকুৱাও দৃষ্টান্ত নোহোৱা নহয় যে মানুহে আইন-শৃংখলা নামানি নিৰাপত্তাৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়। সেয়েহে এইবাৰ এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ মুম্বাই আৰক্ষীয়ে গ্ৰহণ কৰিছে কিছু বিশেষ ব্যৱস্থা । যিহেতু মুম্বাইত ইণ্ডিয়া গে’টৰ লগতে লাগি থকা তাজ হোটেল কমপ্লেক্সত নৱবৰ্ষ উদযাপনৰ বাবে মানুহে ভিৰ কৰিব পাৰে, সেয়েহে মুম্বাই আৰক্ষীয়ে নৱবৰ্ষৰ পূৰ্বে নিৰাপত্তা সন্দৰ্ভত কেইবাটাও বিশেষ নিয়ম জাৰি কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহানগৰত আইন-শৃংখলা বজাই ৰখাৰ বাবেই আৰক্ষী প্ৰশাসনে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে।
আৰক্ষীয়ে কয় যে প্ৰতি বছৰে নৱবৰ্ষক আদৰিবলৈ ইণ্ডিয়া গে’টত বহু লোক সমবেত হয়। সেয়েহে তেওঁলোকে এনে কেইবাটাও পদক্ষেপৰ পৰিকল্পনা কৰিছে যাতে আইন-শৃংখলাৰ সমস্যাৰ সৃষ্টি নহয়।তেওঁলোকে সিদ্ধান্ত লৈছে যে ১ নম্বৰ জেটিৰ পৰা ৪ নম্বৰ জেটিলৈ দুপৰীয়াৰ পিছত বন্ধ থাকিব নাও চলাচল । নিৰাপত্তাজনিত কাৰণত ৩১ ডিচেম্বৰত দুপৰীয়া ২.০০ বজাৰ পিছত গেটৱে অৱ ইণ্ডিয়াৰ পৰা কোনো নাও যাত্ৰা কৰিব নোৱাৰিব ৷
আনহাতে নৱবৰ্ষৰ দিনা সীমান্তৰ নিৰাপত্তাৰ বাবেও মুম্বাই আৰক্ষীয়ে কেইবাটাও নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ পূৰ্বে নৱী মুম্বাই আৰক্ষীয়ে বুধবাৰে নৱবৰ্ষৰ পূৰ্বে কেইবাটাও ব্যৱস্থাৰ পৰিকল্পনা কৰা বুলি ঘোষণা কৰে। সমগ্ৰ মহানগৰীত নৱবৰ্ষ উদযাপন নিৰাপদ আৰু সুচাৰুৰূপে পৰিচালিত হোৱাৰ বাবে অতিৰিক্ত বাহিনী মোতায়েন কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
নৱী মুম্বাইৰ আৰক্ষী আয়ুক্ত মিলিন্দ ভৰম্বেৰ এক বিবৃতি যোগে কয় যে নৱবৰ্ষৰ প্ৰাকক্ষণত নৱী মুম্বাইত নিৰাপত্তাৰ বাবে প্ৰায় ৩,০০০-৩,৫০০, আৰক্ষী কৰ্মী আৰু বিষয়াক মুম্বাইৰ পথত নিয়োগ কৰা হৈছে । তেওঁ কয় যে সাধাৰণ নাগৰিকে নতুন বছৰক আদৰি লওঁক কিন্তু নিৰাপদভাৱে ।
আনহাতে পথ সুৰক্ষা আৰু নিৰাপত্তাৰ লগত আপোচ নকৰাকৈ নাগৰিকসকলক নৱবৰ্ষৰ আনন্দ উপভোগ কৰিবলৈ আৰু মদ্যপান নকৰি গাড়ী চলাবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায় ।