১০০ দিন সম্পূৰ্ণ কৰা অসম চৰকাৰৰ ঘোষণা অনুসৰি ৰাজ্যত শীঘ্ৰেই আৰম্ভ হ’ব নতুন শিক্ষা নীতি।অসমত নাথাকিব হাইস্কুল,হায়াৰ ছেকেণ্ডাৰী শিক্ষানুষ্ঠান। ইয়াৰ বিপৰীতে ২০২২ বৰ্ষ অৰ্থাৎ জানুৱাৰীৰ পৰা অসমত আৰম্ভ হ’ব চিনিয়ৰ ছেকেণ্ডাৰী স্কুল ব্যৱস্থা।
আৰম্ভ হ’বলগীয়া এই নতুন শিক্ষা নীতি অনুসৰি উচ্চতৰ মাধ্যমিক পৰ্যায়ত কলা, বিজ্ঞান আৰু বাণিজ্য শাখা নাথাকিব।তাৰ পৰিবৰ্তে ৮ টাকৈ বিষয় সন্নিবিষ্ট কৰা হ’ব।ইয়াৰ ভিতৰত যিকোনো বিষয় ল’ব পাৰিব ছাত্ৰ-ছাত্ৰীয়ে।
প্ৰথম অৱস্থাত দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হ’ব এই নতুন শিক্ষা নীতি। ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি আগন্তুক বৰ্ষৰ পৰাই দশম শ্ৰেণীলৈকে বাধ্যতামূলক হ’ব ভূগোল আৰু বুৰঞ্জী বিষয়।লগতে বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়িব লাগিব।
নিঃসন্দেহে এইখিনি কৰিবলৈ যাওতে চৰকাৰে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। যিহেতু এই নতুন শিক্ষা নীতিৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা সকলোখিনি কৰি সম্পূৰ্ণ কৰালৈ শিক্ষা বিভাগক কমেও ৫ বছৰ সময়ৰ প্ৰয়োজন হ’ব।