আজি অসমীয়া ভাষাৰ অন্যতম হিতৈষী ডাঃ নাথান ব্ৰাউনৰ স্মৃতি দিৱস । এগৰাকী আমেৰিকান বেপ্টিষ্ট মিছনেৰী হিচাপে ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ আহি তেওঁ অসমীয়া ভাষা, ব্যাকৰণ আৰু লিপিৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াইছিল । ১৮৩৬ চনত তেওঁ অসমলৈ আহি তেতিয়া অসমীয়া ভাষাৰ সন্মুখত সৃষ্টি হোৱা সংকটৰ সময়তে Grammatical Notes on Assamese Language নামৰ প্ৰথম অসমীয়া ব্যাকৰণখন লিখে । তেওঁ প্ৰথম অসমীয়া সংবাদপত্ৰ ‘অৰুণোদই’ৰ প্ৰকাশত আগভাগ লৈছিল আৰু তাৰ সম্পাদক হৈছিল । শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা তেওঁ কেইবাগৰাকীও অসমীয়া লেখকৰ গ্ৰন্থ প্ৰকাশ কৰিছিল । সেই সময়ত অসমীয়া ভাষাক বাংলা ভাষাৰ উপভাষা বুলি গণ্য কৰাৰ ষড়যন্ত্ৰৰ বিপৰীতে এই ধাৰণা দূৰ কৰাত বিশেষ ভূমিকা লৈছিল । ১৮৮৬ চনৰ আজিৰ দিনটোতে জাপানৰ য়ক’হামাত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামীৰ ওপজা দিন । ১৯১৩ চনৰ আজিৰ দিনটোতে শিৱসাগৰত তেওঁৰ জন্ম হৈছিল । গুৱাহাটীৰ আৰ্ল ল কলেজৰ পৰা তেওঁ আইনৰ স্নাতক ডিগ্ৰী লাভ কৰি ১৯৪৩ চনত কলিকতা উচ্চ ন্যায়ালয়ত যোগদান কৰে । ১৯৪৭ চনৰ পৰা ১৯৪৯ চনলৈ তেওঁ তাত চৰকাৰী অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে । ১৯৫৩ চনত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে যোগদান কৰে । ১৯৬৭ চনত অসম আৰু নগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপাল হিচাপে তেওঁ নিযুক্তি লাভ কৰে । ১৯৭৩ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হয় । তেৱেঁই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি হোৱা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি । ১৯৭৭ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে । তেওঁ বিশ্ব ন্যায়াধীশ সংস্থাৰো সক্ৰিয় সদস্য আছিল । ন্যায়াধীশগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট বিজ্ঞানী, লেখক তথা শিক্ষাবিদ ডঃ কুলেন্দু পাঠকৰ ওপজা দিন । ১৯৪৩ চনৰ আজিৰ দিনটোতে কামৰূপ জিলাৰ নগৰবেৰাত তেওঁ জন্ম হয় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ইংলেণ্ডৰ বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰি তেওঁ ১৯৬৪ চনত প্ৰাগজ্যোতিষ কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত যোগদান কৰে । পিছত ১৯৬৫ চনত কটন কলেজত যোগদান কৰি ২০০০ চনত তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে । ২০০২ চনত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্ত হয় আৰু ২০০৮ চনলৈ সেৱা আগবঢ়ায় । তেওঁ অসম ইলেক্ট্ৰনিক ডেভেলপমেণ্ট কৰ্প’ৰেচনৰ অবৈতনিক সঞ্চালক, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ মুৰব্বী আদি পদতো কাৰ্যনিৰ্বাহ কৰিছিল । অসম বিজ্ঞান সমিতিৰ সভাপতি, জিজ্ঞাস আলোচনীৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । আৱিষ্কাৰক আৰু উদ্ভাৱক, আধুনিক বিজ্ঞানৰ পটভূমি, আত্মকথা আদি তেওঁৰ কেইখনমান প্ৰকাশিত গ্ৰন্থ । বিজ্ঞানীগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।