ডুবাইত আছে বিশ্বৰ আটাইতকৈ ধুনীয়া তথা সেউজীয়া পুখুৰীটো। পুখুৰীটোৰ নাম “Deep Dive Dubai” । এই পুখুৰীটো ৬০ মিটাৰ অৰ্থাৎ ২০০ ফুট দ’, যিটো ৬ টা অলিম্পিকৰ আকাৰৰ পুখুৰীৰ সমান। আচৰিত যেন লাগিলেও সঁচা যে ১ কোটি ৪০ লাখ লিটাৰ পানীৰে পৰিপূৰ্ণ এই পুখুৰীটো সাজি উলিওৱা হৈছে এখন জলমগ্ন চহৰৰ দৰে।
উল্লেখ্য যে ডুবাইৰ ৰাজকুমাৰ শ্বেইখ হামদান বিন মহম্মদ বিন ৰাছিদ আল মাকটউম (Sheikh Hamdan bin Mohammed bin Rashid Al Maktoum)য়ে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে এই সক্ৰান্তীয় এটা ভিডিঅ’। ভিডিঅ’টোৰ লগতে তেঁও এই কথাও লিখিছে যে এখন নতুন পৃথিৱী ৰৈ আছে দীপ দাইভ ডুবাইত।
প্ৰাপ্ত তথ্য মতে এই বৃহৎ পুখুৰীটোৰ আকাৰ এটা ডাঙৰ অয়েষ্টাৰ (oyster)ৰ দৰে। আনহাতে এই পানীৰ এলেকাটোত আছে বিভিন্ন ধৰণৰ দোকান যেনে উপহাৰৰ দোকান আৰু প্ৰায় ৮০ জন লোক একেলগে বহিব পৰা ৰেষ্টোৰাঁ । উল্লেখ্য যে এই বৰ্ষৰ শেষৰ ফালে মুকলি কৰা হ’ব এই জলমগ্ন চহৰ।
“Deep Dive Dubai” নামৰ এই পুখুৰীটোত সুৰক্ষাৰ বাবে ৫০ টাতকৈও অধিক কেমেৰা স্থাপন কৰা হৈছে।আনহাতে ইয়াত পানী সোমাব নোৱাৰাকৈ দুটা কোঠালী আছে যাৰ পৰা পুখুৰীটোৰ তলৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি। পুখুৰীটোৰ ভিতৰত বিভিন্ন ধৰণৰ খেল খেলিব পৰাৰো সুব্যৱস্থা আছে। প্ৰাপ্ত তথ্য মতে ১ ঘন্টাৰ বাবে এই খেল খেলিবলৈ দিব লাগিব ১০ হাজাৰৰ পৰা ৩০ হাজাৰ টকালৈ।
উল্লেখযোগ্য যে শ্বেইখ হামদানে প্ৰচাৰ কৰা উক্ত ভিডিঅ’ টো গ্ৰীনিচ ৱৰ্ল্ড ৰেকৰ্ড ৰ ইনষ্টাগ্ৰাম একাউন্টতো প্ৰচাৰ কৰা হৈছে। জানিবলৈ পোৱা মতে পুখুৰীৰ ১৪ মিলিয়ন লিটাৰ পানী প্ৰতি ৬ ঘন্টাৰ মূৰে মূৰে আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত পৰিশোধন কৰি থকা হয় ।