কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু আমদানি ব’ৰ্ডে নতুন বছৰৰ প্ৰথম দিনাৰ পৰা জি এছ টি ৰূপায়ণৰ বিষয়ে অৱগত কৰি এক অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি যদি কোনো পঞ্জীয়নভুক্ত কোম্পানীৰ ঘৰ বা অট্টালিকা কেৱল আৱাসিক কামত মালিক (স্বত্বাধিকাৰী)ক ভাড়াত দিয়া হয় তেন্তে ইয়াৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) আৰোপ কৰা নহ’ব।
কিন্তু যদিহে ভাড়াঘৰ বা ফ্লেটটো মালিকে সংশ্লিষ্ট কোম্পানীটোৰ ব্যৱসায়িক কামত ব্যৱহাৰ কৰে, তেন্তে তেওঁ জি এছ টি দিবলৈ দায়বদ্ধ। তেনে ক্ষেত্ৰত তেওঁ ৰিভাৰ্ছ চাৰ্জ মেকানিজমৰ জৰিয়তে ভাড়াৰ ১৮% জি এছ টি দিব লাগিব। য’ত কৰ পৰিশোধ কৰাৰ দায়িত্ব যোগানকাৰীৰ পৰিৱৰ্তে যিজন ব্যক্তিক সামগ্ৰী আৰু সেৱা যোগান ধৰা হয় তেওঁৰ ওপৰত পৰিব ৷
১৭ ডিচেম্বৰৰ বৈঠকত জি এছ টি পৰিষদে কিছুমান সামগ্ৰী আৰু সেৱাৰ জি এছ টি হাৰ পুনৰীক্ষণৰ পৰামৰ্শ আগবঢ়ায়। সেই অনুসৰি পৰোক্ষ কৰৰ সংশোধিত হাৰ ১ জানুৱাৰীৰ পৰা কিছু ক্ষেত্ৰত কাৰ্যকৰী হোৱা বুলি চিবিআইচিয়ে অধিসূচনাত প্ৰকাশ কৰিছে।
ইয়াৰ ভিতৰত মটৰ স্পিৰিট বা গেছলিনৰ সৈতে মিহলি কৰিবলৈ শোধনাগাৰলৈ যোগান ধৰা ইথাইল এলকহল অন্তৰ্ভুক্ত। ইয়াৰ ওপৰত জি এছ টিৰ হাৰ ৫% লৈ হ্ৰাস কৰা হৈছে। ইয়াৰ পূর্বে ১৮% জিএছটি আদায় দিবলগীয়া হৈছিল। ফলৰ আঁহ বা ৰসৰ পৰা তৈয়াৰী পানীয়ৰ ওপৰত ১২% জি এছ টি আৰোপ কৰা হ’ব বুলিও অধিসূচনাত উল্লেখ কৰা হৈছে ৷