অষ্ট্ৰেলিয়াৰ গোল্ড কোষ্টৰ পৰ্যটন স্থলীত আজি দুখন হেলিকপ্টাৰৰ আকাশৰ মাজত হোৱা সংঘৰ্ষত চাৰিজন লোকৰ মৃত্যু হয় ৷ দূর্ঘটনাৰ পাছতে বিমানখনৰ ধ্বংসাৱশেষ বালিচৰত পৰি যায় ৷ দূর্ঘটনাটোত আন তিনিজন লোকৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
জনপ্ৰিয় ছি ৱৰ্ল্ড মেৰিন থিম পাৰ্কৰ ওচৰত এই দূর্ঘটনা সংঘটিত হয় ৷ বিমান দুখনৰ ধ্বংসাৱশেষে পৰি যোৱাৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় ৷
কুইন্সলেণ্ড আৰক্ষী সেৱাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক গেৰী ৱৰেলে এখন সংবাদমেলত কয় , “সেই দুখন বিমান সংঘৰ্ষৰ সময়ত ছি ৱৰ্ল্ড ৰিজ’ৰ্টৰ পৰা উৰণ আৰমচ্ভ কৰিছিল ৷”
অষ্ট্ৰেলিয়াৰ পৰিবহণ সুৰক্ষা ব্যুৰোৱে এই কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে ৷ তদন্তকাৰীয়ে অতি সোনকালেই আহি ধ্বংসাৱশেষ পৰীক্ষা কৰি ঠাইখনৰ মানচিত্ৰ দিয়াৰ লগতে পৰীক্ষাৰ বাবে যন্ত্ৰাংশসমূহ উদ্ধাৰ কৰা হয় ৷