অতি শীঘ্ৰেই ‘গংগা বিলাস’ নামেৰে এখন বিলাসী ক্ৰূজ লাভ কৰিব ভাৰতবাসীয়ে । ই হ’ব বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰূজ। ১৩ জানুৱাৰীত কাশীৰ পৰা এই ক্ৰূজ ফ্লেগ অফ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
উল্লেখনীয় যে বিদেশী পৰ্যটকসকলৰ বাবে এয়া হ’ব এক বিশেষ আকৰ্ষণ । এই ‘গংগা বিলাস’এ ৫০ দিনত কাশীৰ পৰা অসমৰ ডিব্ৰুগড়লৈ ৪ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। এই গংগা বিলাস বহু দিশত বিশেষ হ’ব সমগ্ৰ বিশ্ববাসীৰ বাবে। কাশীৰ পৰা ডিব্ৰুগড়লৈকে ৫০টা পৰ্যটনস্থলীৰ মাজেৰে পাৰ হ’ব এই বিশেষ বিলাসী ক্ৰূজ।
দেশত নিৰ্মিত প্ৰথমখন নদী ক্ৰূজ ‘গংগা-বিলাস’।উল্লেখযোগ্য যে ইয়াৰ প্ৰথম ভ্ৰমণত ৩২ গৰাকী চুইজাৰলেণ্ডৰ নাগৰিকক অন্তৰ্ভুক্ত কৰা হৈছে। ৪ হাজাৰ কিলোমিটাৰ যাত্ৰাত পৰ্যটকে বাৰাণসীৰ গংগা আৰতি পৰিদৰ্শন কৰাৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সুন্দৰবন দ্বীপেৰে পাৰ হ’ব। আনহাতে এই ক্ৰূজে বাংলাদেশৰ মাজেৰে প্ৰায় ১১০০ কিলোমিটাৰ যাত্ৰা কৰিব। ইয়াত আছে বহুতো হাই-টেক সুবিধা । এই যাত্ৰা যেন যাত্ৰীসকলৰ বাবে বিৰক্তিকৰ নহয় তাৰ বাবেও বহু ব্যৱস্থা কৰা হৈছে।
‘গংগা বিলাস’ৰ স্বত্বাধিকাৰী ৰাজ সিঙে জনোৱা মতে, যাত্ৰাৰ সময়ত ক্ৰূজত সংগীত আৰু নৃত্য অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও ইয়াত অধ্যয়ন কক্ষ আৰু আধুনিক পুথিভঁৰালৰ ব্যৱস্থাও কৰা হৈছে। পৰ্যটকসকলে প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিব পৰাকৈ মুকলি ঠাইৰ বেলকনি নিৰ্মাণ কৰা হৈছে। ৬ জানুৱাৰীত কাশীত উপস্থিত হ’ব এই ক্ৰূজ ।
স্পা, চেলুন আৰু মনোৰঞ্জনৰ সৈতে ইয়াত ভিতৰৰ খেলা-ধূলাৰ ব্যৱস্থাও কৰা হৈছে। ইয়াৰ উপৰিও পৰিবেশন কৰা হ’ব বিভিন্ন ধৰণৰ ভাৰতীয় খাদ্য । ৰাজ সিঙে কয় যে ক্ৰূজেৰে যাত্ৰা কৰিবলগীয়া চুইজাৰলেণ্ডৰ পৰ্যটকসকলক বাৰাণসীৰ আধ্যাত্মিক স্থানসমূহ ভ্ৰমণ কৰিবলৈ লৈ যোৱাৰ উপৰিও তেওঁলোকক ভাৰতীয় সংস্কৃতিৰ সৈতেও পৰিচয় কৰাই দিয়া হ’ব।
এই ক্ৰূজত থাকিব ১৮টা ছুইট। ইয়াৰ উপৰিও কাঠৰ খেলনা, গাজীপুৰৰ ৱাল হেংগিঙকে ধৰি বহু ধৰণৰ ভাৰতীয় সামগ্ৰীৰে সজাই তোলা হ’ব এই ক্ৰূজ। এই ক্ৰূজত ভাৰতীয় হস্তশিল্পৰো কিছু আভাস পোৱা যাব। উল্লেখযোগ্য যে বিশ্বৰ আটাইতকৈ দীঘলীয়া এই নদী ক্ৰূজৰ দৈৰ্ঘ্য ৬২ মিটাৰ আৰু প্ৰস্থ ১২.৮ মিটাৰ।