আজি বিয়লি ৩ বজাত গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “সাহিত্য-আলচ” শীৰ্ষক আন এখন মনোজ্ঞ আলোচনা সত্ৰ ৷ বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে আলোচনা সত্ৰখন উদ্বোধন কৰি কয়—“ পাঠক-প্ৰকাশক আৰু লেখক এই তিনিকোণীয়া ব্যৱস্থাটোৱে কিতাপ আৰু সাহিত্যৰ ভবিষ্যত নিৰ্ধাৰণ কৰে ৷ গতিকে লেখক-পাঠকৰ এই মুখামুখি অনুষ্ঠান অতি গুৰুত্বপূৰ্ণ ৷ কিতাপ এখনৰ বেটুপাত আটকধুনীয়া হ’লেই নহব, ভিতৰৰ গুণ-মানো উন্নত হ’ব লাগিব ৷ প্ৰকাশকসকলো এই ক্ষেত্ৰত সচেতন হোৱাৰ প্ৰয়োজন আছে ৷ কেৱল ডি .টি. পি.ৰ সুবিধা থাকিলেই বাছ-বিচাৰ নোহোৱাকৈ কিতাপ প্ৰকাশ কৰা অনুচিত ৷ এই ক্ষেত্ৰত ভাষাৰ সচেতনতা লাগিব, দায়িত্ববোধ আৰু সাধনা লাগিব ৷ তেতিয়াহে ভাষা-সাহিত্যৰো সমৃদ্ধি হ’ব ৷”
এই অনুষ্ঠান সঞ্চালনা কৰে নাট্যকাৰ-লেখক , গুৱাহাটী অনাতাৰ কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী ঋতুপৰ্ণ দাসে ৷ তেওঁ মন্তব্য কৰে যে অসম প্ৰকাশন পৰিষদে নতুন লেখকসকলৰ মাজত অনুষ্ঠিত কৰা “সাহিত্য-আলচ” অতি গুৰুত্বপূৰ্ণ এক অনুষ্ঠান ৷ কাৰণ ইয়াৰ জৰিয়তে নতুন লেখকসকলক এখন মঞ্চ দিয়া হৈছে ৷ সাহিত্যৰ বিষয়ে এনে আলোচনাই লেখক সকলক উৎসাহিত কৰিব ৷ এনে মঞ্চত লেখক সকলে মুখামুখি হৈ মত বিনিময় কৰাটো ইতিবাচক ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰে হিমাংশু ভাগৱতী, পূৰৱী বৰুৱা,অংকিতা বৰুৱা, মীনাক্ষি বৰুৱা, নিৰ্মালী নয়নতৰা, , দিগন্ত নিবিড়, ড° জয়ন্ত ডেকা, বিনু দাস, মন্দিৰা গগৈ, স্মৃতিৰেখা ভূঞা, প্ৰীতিৰেখা ভূঞা, ধীৰুমণি গগৈ আদি নতুন প্ৰজন্মৰ কেবাগৰাকী কবি-গল্পকাৰ-ঔপন্যাসিক , নাট্যকৰ্মী,সাহিত্য-সমালোচক, নিবন্ধকাৰে ৷ ইপিনে সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় চমকপ্ৰদ প্ৰতিভাৰ চিত্ৰ-শিল্পী ৰবিন ব’ৰৰ চিত্ৰ-কলাৰ অনুষ্ঠান আৰু এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী ৷