ইউ এ ইত অনুষ্ঠিত হোৱা নৱবৰ্ষ উদযাপনত ইলেক্ট্ৰিক বিটত কোৰিঅ’গ্ৰাফী কৰি ১২ মিনিটৰ বাবে ৬৭০ খনতকৈও অধিক ড্ৰ’নৰ প্ৰদৰ্শন কৰা হৈছিল যাৰ দ্বাৰা ১১০০ মিটাৰ উচ্চতাত মুঠ ৪.৭ কিলোমিটাৰ বিচফ্ৰন্ট সামৰি লোৱা হৈছিল । ইয়াৰ লগে লগে নেনো লাইট আৰু ৰঙৰ কেলিডস্কোপিক বিস্ফোৰণ ঘটি পাইৰ’ মিউজিকেল শ্ব’ৰ সৃষ্টি হৈছিল। যি ভিডিঅ’ই এতিয়া সামাজিক মাধ্যমত নেটিজেনসকলক সম্পূৰ্ণৰূপে স্তম্ভিত কৰি তুলিছে।
এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে যে ৰাছ আল খাইমা, ইউ এ ই। ৬৭০ ড্ৰোনেৰে বিশ্বৰ সৰ্ববৃহৎ আতচবাজী। ৬৭০ খনতকৈও অধিক ড্ৰোনৰ ১২ মিনিটৰ প্ৰদৰ্শন, ৪.৭ কিলোমিটাৰ বিচফ্ৰন্ট সামৰি ১১০০ মিটাৰ উচ্চতাত উপনীত হোৱাটোৱে দুটা নতুন গিনিজ বিশ্ব অভিলেখ গঢ়িছে।
ৰাছ আল খাইমা পৰ্যটন উন্নয়ন কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাকি ফিলিপছে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে ৰাছ আল খাইমাহে পুনৰবাৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক আদৰণি জনোৱা আগশাৰীৰ পৰ্যটন স্থলী হিচাপে নিজৰ স্থিতি প্ৰমাণ কৰিছে। তেওঁলোকে কেৱল দুটা অভিলেখ গঢ়াই নহয় তেওঁলোকে হাজাৰ হাজাৰ দৰ্শক আৰু ইউ এ ইৰ বাসিন্দাক এটা নতুন বছৰৰ অনুষ্ঠানো দিছে যাক তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে আৰু ২০২৩ চনত ৰাছ আল খাইমাই এক সুনাম গঢ়ি তুলিব ৷
এই উদযাপনে গিনিজৰ দুটা বিশ্ব অভিলেখ ভংগ কৰিলে। প্ৰথমটো আছিল একেলগে উৎক্ষেপণ কৰা ৬৭০ খনতকৈও অধিক ড্ৰ’নৰ সংখ্যাৰ বাবে। কিয়নো ইয়াৰ পূৰ্বে বিশ্ব অভিলেখ আছিল ৪৫৮খন ড্ৰ’নৰ। আনহাতে দ্বিতীয়টো আছিল ড্ৰ’নেৰে আকাশত গঠন কৰা আটাইতকৈ ডাঙৰ বাক্যৰ বাবে।
আল মাৰ্জান দ্বীপৰ এই উদযাপনত সকলো বয়সৰ ৰেভেলাৰসকলে অংশগ্ৰহণ কৰে। লগতে আল মাৰ্জান দ্বীপৰ পৰা আল হামৰালৈকে শাৰী পাতি থকা বহু হোটেলৰ পৰাও এই আতচবাজীৰ অনুষ্ঠানটো উপভোগ কৰে আন বহু হাজাৰ লোকে । এই উৎসৱত সমগ্ৰ সংযুক্ত আৰবৰ ৩০ হাজাৰৰো অধিক দৰ্শনাৰ্থী আৰু হোটেল সম্পূৰ্ণৰূপে বুকিং হৈছিল, যাৰ ফলত ই আজিলৈকে সৰ্বাধিক দৰ্শনাৰ্থী শ্ব’ হিচাপেও পৰিগণিত হৈছে।
Ras Al Khaimah, UAE.
World's largest fireworks with 670 drones. 12-minute display of over 670 drones, covering 4.7 kilometers of beachfront and reaching a height of 1,100 meters sets two new Guinness world records.@GWR pic.twitter.com/5ym9in93Qd— مُهاڻو (@Muhanoindus) January 1, 2023