আজি ধুবুৰী জিলাৰ গৌৰীপুৰত আয়োজিত এক অনুষ্ঠানত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ ‘হাৱা মহল’ অসম চৰকাৰলৈ হস্তান্তৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ।
উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ এই গৃহটো এক ঐতিহ্য কেন্দ্ৰ হিচাপে অসম চৰকাৰে ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ কৰিব। এই উপলক্ষে হাৱা মহল চৌহদৰ সংৰক্ষণৰ কাম-কাজৰ শুভাৰম্ভণিৰ বাবে আয়োজিত এক ভূমি পূজনতো অংশগ্ৰহণ কৰি গৃহটোৰ সকলো উন্নয়নমূলক কাম-কাজ অহা ১ জানুৱাৰী, ২০২৪ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মত পোষণ কৰে।