বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাৰ সংগীত-জীৱন আৰু সংগীতৰ বিষয়ে এলেক্স ডি ফিগোৱে ৰচনা কৰা “ভইচ অৱ এ নাইটিংগেল ” গ্ৰন্থখন আজি উন্মোচিত হয় অসম গ্ৰন্থমেলাত ৷ বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই কিতাপখন উন্মোচন কৰে ৷ অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে শিল্পী সূৰ্য গোস্বামী, দিপাংক শইকীয়া, গীতিকাৰ অৱনী ৰঞ্জন পাঠক আৰু প্ৰকাশক ধনজিৎ কৃষ্ণ পাঠক ৷ আজি গ্ৰন্থমেলাত উন্মোচিত হয় ড° স্মৃতিৰেখা ভূঞাৰ “ সাহিত্যত চিন্তা আৰু চেতনা”, “অসমীয়া ভাষাৰ ৰূপ বৈচিত্ৰ্য” আৰু সাংবাদিক নীতালি শৰ্মাৰ “ৰ’দ ফুলে মধুবনত” গ্ৰন্থ দুখন ৷
ইপিনে আজি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাই ৷ ইয়াৰ পাছতে মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী ৷ বিশেষকৈ “পাগ্লাপেইৰা গুষ্ঠী,অসম” আৰু “বৰ্ণালী ডেন্স একাডেমী”ৰ নৃত্য আৰু কামৰূপী কবিতাৰ অনুষ্ঠানে শ্ৰোতা দৰ্শকক মুগ্ধ কৰে ৷