অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে ঘোষণা কৰা ১ লাখ নিযুক্তিৰ অংশস্বৰূপে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত শুকুৰবাৰে ৭৬৭ গৰাকী যুৱক–যুৱতীক অনুকম্পামূলক নিয়মীয়া নিযুক্তিপত্র বিতৰণ কৰে।
নতুন চৰকাৰখনে ১০০ দিন অতিক্রম কৰাৰ দিনটোত নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষক পদত ৩২৩ গৰাকী, উচ্চ প্রাথমিক বিদ্যালয় শিক্ষক পদত ১২৭ গৰাকী, কনিষ্ঠ সহায়ক পদত ১০ গৰাকী, চতুর্থবর্গৰ পদত ১৬৬ গৰাকী, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত শিক্ষক পদত ১ গৰাকী, কনিষ্ঠ সহায়ক পদত ৩১গৰাকী, উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী অধ্যাপক পদত ১১৩ গৰাকী, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ প্রতিষ্ঠানৰ অধীনত তৃতীয়বর্গ পদত ১ গৰাকী আৰু চতুর্থবর্গৰ পদত ৫ গৰাকীক নিযুক্তি দিয়া হয়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে বিতৰণ অনুষ্ঠানত সকলোৱে জাতীয় চেতনা গঢ়ি তুলিব লাগিব আৰু ইয়াৰ আৰম্ভণি শিক্ষানুষ্ঠানবোৰৰ পৰাই কৰিব লাগিব বুলি মন্তব্য কৰে। তেখেতে কয় যে সকলোৱে যদি অতিৰিক্তভাৱে এঘণ্টা কাম কৰে তেন্তে ৪০ লাখ চৰকাৰী কর্মচাৰীৰ পৰা দিনে ৪০ লাখ ঘণ্টা অতিৰিক্তকৈ পোৱা যাব।
কেনেকৈ সমাজখন পৰিৱর্তন কৰিব পাৰি সেই আদৰ্শ যাতে নৱপ্রজন্মলৈ যাব পাৰি তাৰ বাবে অসমীয়া হিচাপে কাম কৰিব লাগিব বুলিও তেখেতে মন্তব্য কৰে। মুখ্যমন্ত্রীয়ে পুনৰ কয় যে চৰকাৰী দৰমহা ল’লেই নহ’ব, চৰকাৰে প্রদান কৰা দায়িত্বও ল’ব লাগিব৷
মহাবিদ্যালয়সমূহত ১ ছেপ্টেম্বৰৰ পৰা পাঠদান আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিততে নিযুক্তি পত্ৰ প্রদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিক্ষানুষ্ঠানসমূহক তেখেতে চিন্তাৰ কঠীয়াতলী বুলি উল্লেখ কৰে।
শিক্ষা বিভাগত কেইবাহাজাৰ পদত নিযুক্তিৰ বাবে শীঘ্রেই বিজ্ঞাপন প্রকাশ কৰা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্রীগৰাকীয়ে। প্রাথমিক শিক্ষা বিভাগত শিক্ষক নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ অর্থে টেট অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷
এই সমগ্র নিযুক্তি প্রক্রিয়া আগন্তুক বর্ষৰ মার্চ মাহৰ ভিতৰত সম্পূর্ণ কৰা হ’ব৷ ৰাজ্য চৰকাৰে ৰাজ্যখনত নতুন শিক্ষা নীতি ৰূপায়ণৰ দিশতো অগ্রসৰ হৈছে আৰু এই প্রক্রিয়া ২০২২ চনৰ ১ এপ্রিলৰ পৰা আৰম্ভ কৰা হ’ব৷ নতুন শিক্ষা নীতিৰ আধাৰত নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে চাৰিটা শ্রেণী সংযুক্ত কৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল গঠন কৰা হ’ব৷