ভাৰতৰ ভূখণ্ডত পুনৰ উদ্ধাৰ কৰা হৈছে পাকিস্তানৰ ড্ৰোন। ড্ৰোনখনত ১ কেজি ড্ৰাগছ সংলগ্ন কৰা আছিল। সোমবাৰে ভাৰত-পাক সীমান্তৰ পাঞ্জাৱৰ গুৰদাসপুৰ অঞ্চলত বি এছ এফৰ জোৱানে জব্দ কৰে ড্ৰ’নখন।
বিএছএফৰ এজন জোৱানে কয়, “গুৰদাসপুৰৰ কাছৱালত আমাৰ ঘাটিৰ পৰা ২ কিলোমিটাৰ দূৰত এখন পুৰণি ভঙা ‘হেক্সাকপ্টাৰ’ ড্ৰোন উদ্ধাৰ কৰা হৈছে।ইয়াৰ সৈতে ১ কিলোগ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয়।” সোমবাৰে দিনৰ ১ বজাৰ ওচৰত যেতিয়া কৃষকসকলে অঞ্চলটোত খেতি কৰিবলৈ যায় তেতিয়া তেওঁলোকে ড্ৰোনখন ড্ৰাগছসহ উদ্ধাৰ কৰে। ইয়াৰ পিছত খেতিয়কসকলে বি এছ এফৰ জোৱানসকলক খবৰ দিয়ে। বি এছ এফে ড্ৰোনখন পোৱাৰ লগে লগে জব্দ কৰে।
সেনা সূত্ৰৰ মতে, ২০ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৭ বজাত পঞ্জাৱৰ অমৃতসৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত প্ৰৱেশ কৰিছিল ড্ৰোণখনে । বুধবাৰে পুৱা পুনৰ একে অঞ্চলতে দেখা গ’ল ড্ৰোনখন। ড্ৰোনখন ক্ষন্তেকতে বি এছ এফে গুলীয়াই ভুপতিত কৰে।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২০২২ চনত সীমান্তৰে ভাৰতলৈ পাকিস্তানৰ পৰা প্ৰেৰণ কৰা ড্ৰোনৰ সংখ্যা বৃদ্ধি পাইছে। চলিত বৰ্ষত এতিয়ালৈকে ২৩০খন পাকিস্তানী ড্ৰোন চিনাক্ত কৰিছে সেনাই। ২০২১ চনত এই সংখ্যা আছিল ১০৪। ২০২০ চনত এই সংখ্যা আছিল ৭৭। ২০২০ চনৰ পৰা ২০২২ চনৰ অক্টোবৰ মাহলৈকে কেৱল পঞ্জাৱতে ২৯৭ টা ড্ৰোনৰ গতিবিধি দেখা গৈছে। পঞ্জাৱৰ বাহিৰেও গুজৰাট, জম্মু, ৰাজস্থানত পাক ড্ৰোনৰ উপস্থিতি পৰিলক্ষিত কৰা হৈছে। সেনাৰ তথ্য অনুসৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে এই ড্ৰ’নসমূহৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহ কৰে।