বহুত টকা পইচা থাকিলেও আমি কেতিয়াবা জমা কৰিব নোৱাৰো অথবা আর্থিকভাৱে স্বচ্চল হ’ব নোৱাৰে ৷ বাস্তুশাস্ত্ৰ অনুসৰি টকা, গহনা বা যিকোনো মূল্যৱান সামগ্ৰী ৰখাৰ বাবে নিৰ্দিষ্ট ঠাই আছে। আৰু যদি সেই ঠাই অনুযায়ী টকা আৰু গহনা ৰখা হয়, তেন্তে লক্ষ্মীৰ আর্শীবাদ পাবলৈ বেছি সময় নালাগে ৷ পইচা বা মূল্যবান বস্তু ৰখাৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নহয় তেনেহ’লে আপোনাক হয়তো বেয়া সময়ে কেতিয়াও এৰি নাযায়। গতিকে যদি আপুনি সুখ, শান্তি আৰু সমৃদ্ধিৰ স্পৰ্শ পাব বিচাৰে তেন্তে ঘৰৰ কোনটো ঠাই টকা ৰখাৰ বাবে উপযুক্ত সেইটো জানি লওক।
টকা উত্তৰ দিশত ৰাখক –
টকাখিনি সকলো সময়তে উত্তৰ দিশত ৰাখিবলৈ চেষ্টা কৰক। কাৰণ উত্তৰ দিশক কুবেৰ দেৱতাৰ দিশ বুলি ধৰা হয়। গতিকে টকা উত্তৰ দিশত ৰাখিলে ধনাত্মক শক্তিৰ লাভ কৰিব ৷ই অৰ্থনৈতিক সমৃদ্ধি বৃদ্ধিত সহায় কৰে। কিন্তু দক্ষিণ দিশত টকা থৈ কেতিয়াও ভুল নকৰিব। ঘৰৰ চন্দুক, আলমাৰী, মানিবেগ কেতিয়াও দক্ষিণ দিশত ৰাখিব নালাগে।
অন্যথা পূব দিশত ৰাখক –
উত্তৰ দিশত টকা ৰখা সম্ভৱ নহ’লে পূবত টকা ৰাখিব পাৰি। কেৱল ঘৰতে নহয়, মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ পূব দিশত ব্যৱসায়িক কেছবক্সো স্থাপন কৰা হৈছে।
মন্দিৰত টকা ৰখা – বহুতে মন্দিৰত বা ঘৰৰ পুজাৰ স্থলীত ঘৰত টকা আৰু গহনা ৰখাটো অতি শুভ বুলি ভাবে। কিন্তু সেয়া নহয়। বাস্তু শাস্ত্ৰৰ মতে এই সকলোবোৰ বস্তু কেতিয়াও পুজা কৰা স্থানত ৰাখিব নালাগে। ইয়াৰবাবে মাতৃ লক্ষ্মীৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ’ব লগা হয় । এই সকলোবোৰ মূল্যৱান বস্তু শোৱা কোঠাত ৰখাটোৱেই উত্তম। ইয়াৰ ফলত ধন বৃদ্ধি পায়।
ঘৰৰ চাৰিটা চুকত নজৰ দিয়ক – ঘৰৰ কোনো চুকত আলমাৰী বা চন্দুক নাৰাখিব। বিশেষকৈ উত্তৰ-পূব, দক্ষিণ-পূব আৰু উত্তৰ-পশ্চিম কোণত কোনো মূল্যৱান সামগ্ৰী ৰাখিব নালাগে।
চন্দুক ৰখাৰ স্থান – সাৱধান হ’ব লাগে যাতে ঘৰৰ মূল দুৱাৰৰ পৰা প্ৰৱেশৰ সময়ত চন্দুক বা আলমাৰী দেখা নাযায়। বাস্তুৰ মতে তেনে কৰাটো অশুভ।
মানিবেগ খালী হ’ব নালাগে – সদায় নিশ্চিত হওক যে মানিবেগটো খালী নহয়। সামান্য পৰিমাণৰ ধন সকলো সময়তে মানিবেগত ৰাখিব লাগে।
টকা পৰিষ্কাৰ ঠাইত ৰাখিব লাগে – টকা কেতিয়াও অপৰিষ্কাৰ ঠাইত ৰাখিব নালাগে। এই কথাই মা লক্ষীক ক্ষুব্ধ কৰি তুলিলে আৰু ধন উপার্জন হ্ৰাস পাব পাৰে ৷