প্ৰকৃততে কিতাপৰ পৃথিৱীত বাস কৰা মানুহবোৰ সাধাৰণ মানুহতকৈ কিছু পৃথক ৷ সাধাৰণ মানুহতকৈ সুকীয়া তেওঁলোকৰ চিন্তাধাৰা নাইবা চিন্তাৰ গভীৰতা ৷ কিন্তু বৰ্তমান সময়ত গুৱাহাটী গ্ৰন্থমেলাৰ এটি দৃশ্যই যেন আঘাত হানিছে গ্ৰন্থপ্ৰেমীসকলৰ মনত ৷ গ্ৰন্থমেলাত কিতাপেৰে তৈয়াৰ কৰা এটা চেল্ফি জ’নক লৈ এতিয়া খলকনি উঠিছে সামাজিক মাধ্যমত ৷ বহু লিখকৰ বহু কষ্ট নাইবাৰ ত্যাগৰ ফল,এজন লিখকৰ বাবে নিজৰ সন্তানতকৈও কোনো গুণে কম নহয় তেওঁ লিখা এখন কিতাপ ৷ তেনেস্থলত এখন কিতাপ নষ্ট কৰি কিতাপৰ মাজেৰে ফুটা কৰি গ্ৰন্থমেলাত তৈয়াৰ কৰা এই চেল্ফি জ’নে অৱশ্যেই যথেষ্ট আঘাত দিছে বহ গ্ৰন্থ প্ৰেমীক ৷ সেয়েহে এই কাৰ্য্যৰ বিৰোধিতা কৰি সামাজিক মাধ্যম যোগে নিজৰ ক্ষোভ উজাৰি এই চেল্ফি জ’ন আতৰাবলৈ আহ্বান জনাইছে বহুকেইগৰাকী ব্যক্তিয়ে ৷
এই সন্দৰ্ভত পাৰ্থ গোস্বামী নামৰ এজন লিখকে নিজৰ ফেচবুকৰ টাইমলাইনত লিখিলে যে চেল্ফি,ইনষ্টাগ্ৰাম,ৰিল ইত্যাদিয়ে ঢুকি পাব নোৱাৰা এখন পৃথিৱী আছে৷ হাই মেক-আপ,লেভিছ লাইফ ষ্টাইল দেখুৱা চচিয়েল মিডিয়াৰ বাহিৰত এখন পৃথিৱী আছে ৷ বাদচাহ-নৰা ফাটেহিক চিনি নোপোৱা এচাম মানুহ আছে৷ এই মানুহখিনিৰ বাবেই গ্ৰন্থ-মেলা।কিতাপ সকলোৰে বাবে নহয়,সকলো মানুহে কিতাপ পঢ়াৰ প্ৰয়োজনো নাই ৷ জগজিৎ সিং,কিতাপৰ গোন্ধ,কফিৰ সলনি কাটিং চাহ,বুকুত হীৰুদা-আহমেদ ফৰাজ ইত্যাদিক কঢ়িয়াই ফুৰা মানুহৰ বাবেহে এই গ্ৰন্থ মেলা।গ্ৰন্থ মেলাক চেল্ফিৰ প্ৰয়োজন নাই,প্ৰয়োজন নাই ৰিল বনাই শ্বেয়াৰ হোৱা ৷ ডিজিটেল পৃথিৱীৰো বিশেষ প্ৰয়োজন নাই ভাল কিতাপ পাঠকৰ ঘৰত গৈ পাবলৈ ৷ মডাৰ্ণ কৰিবলৈ গৈ আত্মাক হেৰুৱাই দিয়াৰো প্ৰয়োজন নাই ৷ এচাম মানুহ আছে,সদায় থাকিব,তেওঁলোকৰ বাবে এইয়া উৎসৱ,চেল্ফি লবলৈ অহা সকলৰ বাবে নহয়।
এই চেল্ফি ষ্টেণ্ডডাল আঁতৰাই দিয়ক।কিতাপৰ গোন্ধ ভালপোৱা মানুহে কিতাপৰ হত্যা চাব নোৱাৰে৷ বস্তুবোৰ প্ৰিমীয়াম কৰিয়েই ৰাখক ৷ এইখন ভিনটেজ পৃথিৱী সকলোৱে এফৰ্ড কৰিব নোৱাৰে,প্ৰয়োজনো নাই ৷ কিছুমান বস্তু এনেকৈয়ে থাকক।সকলোৱে ঢুকি পাব নোৱাৰাকৈ ,সকলোৱে বুজি পাব নোৱাৰাকৈ ৷
আনহাতে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি প্ৰাঞ্জল বৰ্মন নামৰ অসমৰ এখন আগশাৰীৰ সংবাদ মাধ্যমত সৈতে জড়িত আন এজন জুৱকে লিখিলে যে গ্ৰন্থমেলাত কিতাপক বাঁহ দি ছেল্ফি জ’ন তৈয়াৰৰ আইডিয়াটো কাৰ বাৰু ! হিচাপমতে কমিটিয়ে এৱাৰ্ড এটা ধৰি বান্ধি হ’লেওঁ দিব লাগে তেখেতক ৷
ইফালে গুণজিত কলিতা নামৰ আন এজন যুৱ লেখক তথা গ্ৰন্থপ্ৰেমীয়ে ক্ষোভ উজাৰি ক’লে যে কিতাপ এখন কিনিবলৈ টকা লাগে আৰু সেই টকা খিনি গোটাবলৈ বহুত কষ্ট হয় । এখন কিতাপ লিখিবলৈ কিমান সাধনা,কষ্ট কৰিবলগীয়া হয় এজন লিখকে সেইয়া নকলেওঁ বুজি পোৱা যায় ।
এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি তেওঁ ক’লে যে এনেকৈ ইমান খিনি কিতাপ গ্ৰন্থ মেলাত ধৰ্ষণ কৰিবলৈ বৰ্ণ ই ক’ত সাহস পালে ? অসম প্ৰকাশন পৰিষদ আৰু বৰ্ণ ৰ জ্ঞানী ব্যক্তি সকলৰ মগজুত এই খিনি জ্ঞান নাই নে ? কিতাপ এখন কিমান মূল্যবান । শিক্ষা আৰু জ্ঞান দুটা বেলেগ বেলেগ বাবেই আজি এনেকুৱা হৈছে গ্ৰন্থ মেলাৰ বাকৰিত ।কিতাপ ক্ৰয় কৰাৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰি তেওঁ পুনৰ লিখিলে যজে তেওঁৰ দৰে মানুহ এজনে আজিলৈকে ইমান খিনি কিতাপ কিনিব পৰা নাই টকাৰ অভাৱত ।সেয়েহে কষ্ট হয় এইবোৰ দেখিলে ।শেষত তেওঁ আতি দুখেৰে ক’লে যে মূৰ্খৰ পৃথিৱী এইখন ।
প্ৰকৃতাৰ্থত এই দৃশ্যই বহু লিখক নাইবা গ্ৰন্থপ্ৰেমীৰ মনত বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে যদিও এইখন গ্ৰন্থমেলাতে সেই চেল্ফি জ’নৰ আগত ফট’ তুলি সামাজিক মাধ্যমত আপলোড দিয় মানুহৰ সংখ্যাও কম নহয় ৷ বহজনৰ মতে আকৌ ই তেনেধৰণৰ একো দোষণীয় কাম নহয় ৷ মানুহক আকৰ্ষণ কৰিবলৈ বৰ্তমান সময়ত তেনে কিছু কাম কৰাও প্ৰয়োজন ৷
এই সন্দৰ্ভত কি হ’ব পাৰে বাৰু আপোনাৰ মতামত ৷ কি বিচাৰে আপুনি ?