ওড়িশাত পুনৰ উদ্ধাৰ হৈছে এজন ৰাছিয়ান নাগৰিকৰ মৃতদেহ। ১৫ দিনৰ ভিতৰতে ওড়িশাত মৃতদেহ উদ্ধাৰ হোৱা তৃতীয়জন ৰাছিয়ান নাগৰিক ৷ তিনিজন ৰাছিয়ান নাগৰিকৰ অস্বাভাৱিকভাৱে মৃত্যু ঘটিছে ৷আৰক্ষীৰ সূত্ৰ অনুসৰি মঙলবাৰে জগৎসিংপুৰ জিলাৰ পাৰাদ্বীপ বন্দৰত এখন জাহাজৰ পৰা ৰাছিয়াৰ নাগৰিকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত ৰাছিয়াৰ নাগৰিকজনৰ নাম মিলিয়াকোভ চাৰ্গেই (৫১)। আৰক্ষীৰ মতে, মিলিয়াকভ আছিল “এম বি আল্ডনাহ” জাহাজৰ মুখ্য অভিযন্তা। বাংলাদেশৰ চিটাগং বন্দৰৰ পৰা পৰাদ্বীপ হৈ মুম্বাইলৈ গৈ আছিল জাহাজখন। মঙলবাৰে পুৱা প্ৰায় ৪:৩০ বজাত জাহাজখনৰ এটা কোঠাত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। মৃত্যুৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে।
পাৰাদ্বীপ প’ৰ্ট ট্ৰাষ্টৰ অধ্যক্ষ পি এল হাৰানান্দে ৰাছিয়াৰ অভিযন্তাগৰাকীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰি কয় যে সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে।
যোৱা বছৰৰ ডিচেম্বৰৰ শেষৰ ফালে ওড়িশাৰ ৰায়গড়ত এজন ৰাজনীতিবিদকে ধৰি ৰাছিয়াৰ দুজন নাগৰিকৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। ২৪ ডিচেম্বৰত এখন হোটেলৰ তৃতীয় মহলাৰ পৰা পৰি মৃত্যু হয় ৰাছিয়াৰ ৰাজনীতিবিদ পাভেল এণ্টভ (৬৫)ৰ। ইয়াৰ পূৰ্বে ২২ ডিচেম্বৰত হোটেলৰ কোঠাৰ পৰা পাভেলৰ বন্ধু ব্লাদিমিৰ বিডেনভ (৬১)ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। দুয়োটা ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ওড়িশা আৰক্ষীয়ে। এণ্টোভ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰোধী আৰু ৰাছিয়াৰ সংসদৰ সদস্য। একেখন হোটেলতে ৰাছিয়াৰ দুজন নাগৰিকৰ মৃত্যুত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। বিশেষকৈ ৰাছিয়ান দুজনৰ ভিতৰত এজন পুটিনৰ সমালোচক হোৱাৰ বাবে ৰহস্যটো গভীৰ হৈ পৰে। ইফালে, ওড়িশাত আন এজন ৰাছিয়ান নাগৰিকৰ মৃত্যুৰ লগে লগে পৰিস্থিতি অধিক ৰহস্যময় হৈ পৰিছে।