আজি অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত বিভিন্ন দিশত অৱদান আগবঢ়াই সমাজত বিশেষ স্থান অধিকাৰ কৰা উত্তৰ-পূব ভাৰতৰ বাৰ গৰাকী বিশিষ্ট ব্যক্তিৰ ফটো সম্বলিত এখন কেলেণ্ডাৰ উন্মোচন কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নাৰায়ণ চন্দ্ৰ তালুকদাৰে ৷ উন্মোচনী ভাষণত তেখেতে কয় যে বিশ্ববিদ্যালয়ত পঢ়ি থকা দেশ-বিদেশৰ ছাত্ৰছাত্ৰীসকলৰ লগত উত্তৰ-পূবৰ বিশিষ্ট ব্যক্তিসকলক এই কেলেণ্ডাৰখনৰ যোগেৰে চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখি এই কেলেণ্ডাৰখন প্ৰস্তুত কৰা হৈছে৷
এই কেলেণ্ডাৰখনত যি বাৰ গৰাকী ব্যক্তিৰ ফটো আৰু জীৱনী সন্নিবিষ্ট হৈছে তেখেতসকল হ’ল নাগালেণ্ডৰ ডঃ টেমচুলা আও, টি চেংকা আও, মণিপুৰৰ মুক্তামনি দেবী আৰু ক’নচাম ইবোমচা সিং, চিকিমৰ খান্দু ৱাংচুক ভূটীয়া আৰু কিপু চেৰিং লেপচা, মেঘালয়ৰ প্ৰফেচৰ বাদাপ্লিন ৱাৰ, অসমৰ ধনেশ্বৰ ইংতি আৰু শকুন্তলা চৌধুৰী, অৰুণাচলৰ গুৰু টুলকু ৰিমপোচে, মিজোৰামৰ পু ভি এল নাগহাকা আৰু ত্ৰিপুৰাৰ সত্যৰাম ৰিয়াং ৷ উল্লেখযোগ্য যে এই আটাইকেইগৰাকী ব্যক্তিয়েই পদ্মসন্মানেৰে সন্মানিত ৷ উল্লেখ্য যে এই কেলেণ্ডাৰৰ পৰিকল্পনা কৰিছিল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নাৰায়ণ তালুকদাৰে৷
ৰিমলি শইকীয়াই আঁত ধৰা এই উন্মোচনী সভাত বিশ্ববিদ্যালয়ৰ ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্ত, প্ৰফেচৰ ধৰ্মেশ্বৰ দাস, ডীন অব ৰিচাৰ্চ ডঃ সুনন্দন বৰুৱা আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ আনহাতে এই কেলেণ্ডাৰখন দেশৰ বিভিন্ন শিক্ষানুষ্ঠান আদিলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক শ্ৰী অসীম বৰ্মণে ৷