আজিকালি আমি কিবা এটা কথা জানিবলৈ সাধাৰণতে গুগল চাৰ্চ কৰোঁ। সৰুৰ পৰা ডাঙৰলৈ যিকোনো তথ্যৰ বাবেই প্ৰায়বোৰ মানুহে গুগল চাৰ্চ কৰে কাৰণ ইণ্টাৰনেটৰ সহায়ত ইয়াৰ যোগেদি সকলো কথাই অতি সহজে আৰু সোনকালে জানিব পাৰি । অৱশ্যে গুগলত যিকোনো তথ্য বিচাৰোতে আমি নিজেই এই তথ্য কিমান সঠিক ইয়াৰ সত্যতা পৰীক্ষা কৰিব পাৰোঁ। কিন্তু গুগলত কিবা তথ্য বিচাৰোতে আমি আৰু এটা কথা মনত ৰখা উচিত যে আমি কোনবোৰ তথ্য গুগলত সন্ধান কৰিব নালাগে । কিয়নো এতিয়াৰ পৰাগুগল চাৰ্চত অলপ অসাৱধানতাই আপোনাক জেললৈ লৈ যাব পাৰে। গতিকে ভুলতে হ’লেও গুগলত সন্ধান কৰিব নালাগে নিম্নোক্ত এনে বোৰ তথ্য –
- পাইৰেটেড ফিল্ম- বহুতে গুগলত চাৰ্চ কৰি বিনামূলীয়াকৈ চিনেমা চাই ৷ কিন্তু পাইৰেটেড ফিল্ম বিচাৰি জেললৈ যাবলগীয়াও হ’ব পাৰে আপুনি । যদি আপুনি নতুন চিনেমা পাইৰেট কৰিবলৈ গুগলত চাৰ্চ কৰে, তেন্তে ই অপৰাধৰ শ্ৰেণীত পৰে আৰু ৩ বছৰৰ কাৰাদণ্ড হ’ব পাৰে আপোনাৰ লগতে হ’ব পাৰে ১০ লাখ টকা পৰ্যন্ত জৰিমনাও ।
- শিশু অপৰাধৰ বিষয়েও আপুনি সন্ধান কৰিব নোৱাৰিব গুগলত ৷ শিশুৰ সৈতে জড়িত অশ্লীল বিষয়বস্তু ভুলকৈও গুগলত সন্ধান কৰিব নালাগে ৷ ইয়াৰ লগতে গুগলত শিশু অপৰাধৰ সৈতে জড়িত তথ্য বিচৰাটোও অপৰাধৰ শ্ৰেণীৰ অন্তৰ্গত। আচলতে ভাৰতত এই সন্দৰ্ভত এক কঠোৰ আইন আছে। পচক’আইন ২০১২ ( POCSO Act 2012) ৰ ধাৰা ১৪ ৰ অধীনত শিশুৰ পৰ্ণ চোৱা, বনোৱা আৰু লগত ৰখাটোও একো একোটা আইনী অপৰাধ। যদি আপুনি এনে কোনো পৰিস্থিতিত ধৰা পৰে তেন্তে এই অপৰাধৰ বাবে ৫-৭ বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা আছে। সেইবাবেই গুগলত কেতিয়াও চাইল্ড পৰ্ণ বা অপৰাধৰ বিষয়ে চাৰ্চ নকৰিব আপুনি ।
- বোমা বা অস্ত্ৰ কেনেকৈ বনাব পাৰি জানিবলৈকো গুগল চাৰ্চ নকৰিব কেতিয়াও । যদি আপুনি এনে কৰে তেন্তে প্ৰথমে আপুনি নিৰাপত্তা সংস্থাৰ ৰাডাৰৰ অধীনলৈ আহিব আৰু তাৰ পিছত আপোনাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সেইবাবেই ভুলতো এই কাম নকৰিব।
- গৰ্ভপাতৰ বিষয়ে আপুনি কেতিয়াও গুগলত চাৰ্চ কৰিব নালাগে কাৰণ ভাৰতত যদি আপুনি চিকিৎসকৰ সঠিক অনুমোদন অবিহনে গৰ্ভপাত কৰাই তেন্তে ই অবৈধ। ইয়াৰ উপৰিও গুগলত পোৱা পদ্ধতিৰ ক্ষেত্ৰতো আপুনি অধিক সমস্যাত পৰিব পাৰে। সেয়েহে এনে পৰিস্থিতিত নিৰাপত্তাৰ ক্ষেত্ৰত তেনে কৰাটো বিপদজনক হ’ব পাৰে। গুগল চাৰ্চত এনে এক পদ্ধতি বিচাৰি আপুনিও বিপদত পৰিব পাৰে। সেইবাবেই গুগলত এইটো কেতিয়াও সন্ধান নকৰিব।