আজি বাউলী কবি কমলানন্দ ভট্টাচাৰ্যৰ স্মৃতি দিৱস । তেওঁ নগাঁও গভৰ্ণমেণ্ট হাই স্কুলত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল । সাত বছৰ চাকৰি কৰাৰ পিছত তেওঁ চৰকাৰী চাকৰি এৰি ১৯২১ চনত অসহযোগ আন্দোলনত যোগদান কৰে । স্বাধীনতা আন্দোলন কৰিবলৈ চৰকাৰী চাকৰি ত্যাগ কৰা তেওঁ আছিল নগাঁৱৰ প্ৰথমগৰাকী ব্যক্তি । তেওঁ কেইবাবাৰো কাৰাবাস খাটিবলগীয়া হয় । পিছলৈ পি এল পাছ কৰি নগাঁৱতে ওকালতি কৰিবলৈ লয় । তেওঁ নগাঁও নাট্য মন্দিৰত অভিনয়ৰ বাবে ইংৰাজী আৰু বাংলা নাটক অনুবাদ কৰে । পিছলৈ তেওঁ মৌলিক নাটক আৰু গীতো লিখিবলৈ লয় । ১৯২৭ চনত তেওঁৰ গীতৰ সংকলন বাউলী প্ৰকাশ পায় । ইয়াৰ গীতসমূহৰ বাবেই তেওঁক বাউলী কবি বুলি কোৱা হয় । নগা কোঁৱৰ, অৱসান, সাবিত্ৰী আদি তেওঁৰ নাটক । ১৯৪৩ চনত তেজপুৰত কাৰাৰুদ্ধ হৈ থকা অৱস্থাত তেওঁ বিয়াল্লিছৰ ছহীদ আৰু নাৱৰীয়াৰ সুৰ নামৰ দুখন গীতৰ পুথি লিখে । ১৯৫১ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । গীতিকাৰগৰাকীলৈ আমাৰ প্ৰণাম ।