ৰাজস্থান ভাৰতবৰ্ষৰ এনে এখন ৰাজ্য যাৰ আছে এক চহকী ইতিহাস ৷ যাৰ বাবে ই সমগ্ৰ বিশ্বৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াৰ ঐতিহাসিক দুৰ্গ আৰু ৰাজপ্ৰসাদবোৰে অজানিতে মানুহক তেওঁলোকৰ প্ৰতি আকৰ্ষণ কৰে। যদিও জয়পুৰৰ আমেৰ দুৰ্গৰ পৰা আৰম্ভ কৰি জয়ছালমেৰৰ দুৰ্গলৈকে এই দুৰ্গবোৰ বিশ্ব বিখ্যাত ৷ কিন্তু এইবোৰৰ ভিতৰত কুম্ভলগড় দুৰ্গৰ আছে এক নিজস্ব পৰিচয় ।
কুম্ভলগড় দুৰ্গ হৈছে পশ্চিম ভাৰতৰ ৰাজস্থান ৰাজ্যৰ উদয়পুৰৰ সমীপৱৰ্তী ৰাজসামন্দ জিলাৰ আৰাৱল্লী পাহাৰত থকা মেৱাৰ দুৰ্গ। এই দুৰ্গৰ বিশেষত্ব হৈছে ইয়াৰ ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দেৱাল। ই ৰাজস্থানৰ পাহাৰীয়া দুৰ্গসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা এক বিশ্ব ঐতিহ্য ক্ষেত্ৰ। পঞ্চদশ শতিকাৰ সময়ছোৱাত ৰাণা কুম্ভই নিৰ্মাণ কৰা এই দুৰ্গৰ দেৱালখনে এছিয়াৰ দ্বিতীয় বৃহত্তম প্ৰাচীৰৰ মৰ্যাদা লাভ কৰিছে। এই প্ৰাচীৰৰ নাম ‘গ্ৰেট ৱাল অৱ ইণ্ডিয়া’৷
চীনৰ গ্ৰেট ৱালৰ দৰে কুম্ভলগড়ক ভাৰতৰ গ্ৰেট ৱাল বুলি কোৱা হয়। উদয়পুৰৰ পৰা ৮০ কিলোমিটাৰ উত্তৰে ঘন অৰণ্যত অৱস্থিত কুম্ভলগড় দুৰ্গ ৰাজস্থানৰ চিত্তৰগড় দুৰ্গৰ পিছতে দ্বিতীয় বৃহত্তম দুৰ্গ। ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বিশাল দেৱালখনক “ভাৰতৰ মহাদেৱাল” বুলি জনা যায়। আৰাৱল্লী পৰ্বতমালাৰ ওপৰত অৱস্থিত এই কুম্ভলগড় দুৰ্গ মেৱাৰৰ বিখ্যাত ৰজা মহাৰাণা প্ৰতাপৰ জন্মস্থান। এই কাৰণেই ৰাজপুতসকলৰ অন্তৰত এই দুৰ্গৰ এক বিশেষ স্থান আছে। ২০১৩ চনত বিশ্ব ঐতিহ্য সমিতিৰ ৩৭ সংখ্যক অধিৱেশনত এই দুৰ্গক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়।
সাতখন বিশাল দুৱাৰেৰে নিৰ্মিত এই দুৰ্গ। এই মহান দুৰ্গৰ ভিতৰৰ মূল অট্টালিকাসমূহ হ’ল বাদল মহল, শিৱ মন্দিৰ, বেদী মন্দিৰ, নীলকান্ত মহাদেৱ মন্দিৰ আৰু মম্মদেৱ মন্দিৰ। কুম্ভলগড় দুৰ্গত প্ৰায় ৩৬০ টা মন্দিৰ আছে ৷ ইয়াৰে ৩০০ টা জৈন মন্দিৰ আৰু বাকীবোৰ হিন্দু মন্দিৰ । এই দুৰ্গৰ এটা বিশেষত্ব হ’ল এই বৃহৎ দুৰ্গটো কেতিয়াও কোনেও যুদ্ধ জয় কৰি দখল কৰিব পৰা নাছিল। অৱশ্যে দুৰ্গৰ পানী যোগানত বিষক্ৰিয়া কৰি ইয়াক মাত্ৰ এবাৰহে মোগল বাহিনীয়ে বিশ্বাসঘাতকতাৰে দখল কৰিছিল ।