গুৱাহাটী ৩ জানুৱাৰী : – অসম চৰকাৰৰ ৰাজ্যিক পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণ (SLAC ) অসম চৰকাৰৰ সহযোগত আৰু ” মণিকাঞ্চন ক’লা মঞ্জুৰী”ৰ উদ্যোগত অহা ৬ আৰু ৭ জানুৱাৰীত পাঞ্জাবাৰীৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত “চতুৰ্থ মণিকাঞ্চন নৃত্য মহোৎসৱ ২০২৩ “ৰ আয়োজন কৰা হৈছে।
আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত ছাত্ৰ আৰু যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে এই কথা সদৰি কৰে।
সংবাদ মেলত সদস্য সচিব গৰাকীয়ে কয় যে –
উক্ত নৃত্য মহোৎসৱৰ সৈতে সংগতি ৰাখি ৬ জানুৱাৰীৰ বিয়লি ৫ বজাত ” নৰসিংহ” নামৰ এখন গীতি নৃত্য নাটিকা, সত্ৰীয়া আৰু কথক নৃত্য “ক’লা মঞ্জুৰী”ৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰিব। মহোৎসৱত সংগীত নাটক একাডেমিৰ পুৰস্কাৰ প্ৰাপ্ত অণিতা শৰ্মাৰ সত্ৰীয়া নৃত্য, কথক নৃত্য প্ৰদৰ্শন কৰা হ’ব। মহোৎসৱত ভাৰত বৰ্ষৰ কেইবাজনো প্ৰসিদ্ধ নৃত্য, শিল্পীয়ে অনুষ্ঠান প্ৰদৰ্শন কৰিব ।
সাত জানুৱাৰীৰ বিয়লি ৪-৩০ বজাত মহাকবি কালিদাস বিৰচিত “অভিজ্ঞান শকুন্তলমৰ আধাৰত সত্ৰীয়া নৃত্য শৈলীত ” শকুন্তলা” ( The Love Saga ) নামৰ নৃত্যৰ নাট্য দুটাকৈ দৰ্শনী প্ৰদৰ্শন কৰা হ’ব। মহোৎসৱত প্ৰৱেশ প্ৰত্ৰ বিনামূলীয়া। অনুষ্ঠানটোত ৰাইজৰ উপস্থিতি কামনা কৰা হৈছে ।