হিমালয়ৰ পাহাৰীয়া চহৰসমূহতকৈয়ো ঠাণ্ডাই কপাইঁ গৈছে দিল্লী ৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীখনত কেইবাটাও স্থানত তাপমাত্ৰা ২.৫ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায় । বতৰ বিজ্ঞানীয়ে এয়া শীতপ্ৰৱাহ বুলি অভিহিত কৰিছে ৷
বৃহস্পতিবাৰে দিল্লীত চলিত বর্ষৰ ভিতৰতে আটাইতকৈ কম তাপমাত্ৰা ৰেকর্ড হয় ৷ । ৰাজধানী চহৰৰ ছফদাৰজং অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ৩ ডিগ্ৰী চেলছিয়াছ। অয়নগৰৰ দৰে অঞ্চলত পাৰাস্তম্ভ ২.২ ডিগ্ৰীলৈ হ্ৰাস পাইছে। উজৱাত ২.৩ ডিগ্ৰী চেলছিয়াছ আৰু দিল্লী ৰিজ আৰু লোধি ৰোড অঞ্চলত ২.৮ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকর্ড হয় । এই তাপমাত্ৰা স্বাভাৱিকতকৈ প্ৰায় ৪ ডিগ্ৰী কম।
কোংকনত ঠাণ্ডাৰ লগতে বৃহস্পতিবাৰে সন্ধিয়ালৈকে কুঁৱলীৰে আৱৰি ধৰিছিল দিল্লী। ইয়াৰ ফলত দৃশ্যমানতা হ্ৰাস পায়। যাতায়ততো ইয়াৰ প্ৰভাৱ পৰিছে। ব্যস্ত পালাম অঞ্চলত দৃশ্যমানতা ২৫ মিটাৰলৈ হ্ৰাস পায়। বাৰিষাৰ পূৰ্বাভাস, অতি ঘন কুঁৱলীয়ে অহা কেইদিনমানৰ বাবে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানকে ধৰি উত্তৰ ভাৰতৰ বৃহৎ অঞ্চল ঢাকি ধৰিব বুলি আগজাননী প্ৰদান কৰা হৈছে ৷ বৰ্তমান এই ৰাজ্যসমূহৰ গড় উষ্ণতা ৩ৰ পৰা ৭ ডিগ্ৰী চেলছিয়াছ।