তীব্ৰ অর্থনৈতিক সমস্যাৰ সন্মুখীন হৈছে পাকিস্তান ৷ একপ্ৰকাৰ আর্থিক মন্দাৱস্থাৰ সন্মুখীন হৈছে দেশখন ৷ শ্ৰীলংকাৰ পাছতে পাকিস্তানত সৃষ্টি হোৱা এই পৰিস্থিতিৰ কুপ্ৰভাৱ পৰিছে দেশখনৰ নাগৰিকৰ ওপৰত ৷ পৰিস্থিতি এনে হৈছে যে বিজুলী ৰাহি কৰিবলৈ সন্ধিয়াতে শ্বপিং মল বন্ধ কৰিবলৈ নির্দেশ দিয়া হৈছে ৷ আনকি নিশা হোৱাৰ পূর্বেই বিয়া সম্পূৰ্ণ কৰিবলৈয়ো কোৱা হৈছে ৷ গভীৰ নিশা যিকোনো উদযাপন অথবা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বৰ্তমান পাকিস্তানত সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে ।অর্থাৎ সন্ধিয়া হ’লেই এতিয়া অন্ধকাৰত ডুব যায় দেশখন
শেহতীয়াকৈ শ্বাহবাজ শ্বৰীফৰ চৰকাৰে দেশৰ ভয়াবহ বিদ্যুৎ সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ এই নিয়ম কাৰ্যকৰী কৰিছে। বুধবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে ঘোষণা কৰে , “এতিয়াৰ পৰা বজাৰ আৰু শ্বপিং মল নিশা ৮.৩০ বজাত বন্ধ হ’ব, ৰেষ্টুৰেণ্ট আৰু বিবাহ হল নিশা ১০ বজাত বন্ধ হ’ব। যদি আমি এই কাম কৰিব পাৰো তেন্তে আমি ৬ হাজাৰ কোটি টকা ৰাহি কৰিব পাৰিম ।’
শ্বাহবাজ চৰকাৰৰ নতুন নীতি অনুসৰি অহা এমাহৰ বাবে ১ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তানত ইলেক্ট্ৰিক বাল্বৰ উৎপাদন বন্ধ কৰা হ’ব। ষ্ট্ৰীট লাইটৰ সংখ্যাও হ্ৰাস পাব। চৰকাৰী অট্টালিকা আৰু কাৰ্যালয়ত লাইটিং আৰু এয়াৰ কণ্ডিচনাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো বাধা আৰোপ কৰি বিদ্যুতৰ ব্যৱহাৰ হ্ৰাস কৰা হৈছে।ইয়াৰ উপৰিও চলিত সপ্তাহত কেবিনেটৰ বৈঠকত কৰ্মচাৰীসকলক বিদ্যুৎ ৰাহি কৰিবলৈ ‘ঘৰৰ পৰাই কাম’ কৰিবলৈ নিৰ্দেশ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰসংগক্ৰমে ভয়াৱহ আৰ্থিক সংকটৰ বাবে পাকিস্তানে তাপ শক্তি কেন্দ্ৰৰ বাবে প্ৰয়োজনীয় কয়লা আমদানি কৰাটো সম্ভৱ নহয়। ফলত বিদ্যুৎ ৰাহিৰ এই প্ৰচেষ্টা চাহিদা পূৰণ কৰাটো অসম্ভৱ।